AJYCP Leader Beaten Case: শৃংখলক গ্ৰেপ্তাৰৰ প্ৰস্তুতি ! - Sringkhal Chaliha to be arrested
🎬 Watch Now: Feature Video
শিৱসাগৰ, ২৯ এপ্ৰিল : চৰাইদেউত চলিছে বহিৰাগত ঠিকাদাৰ নিৰ্মল মৌৰৰ গুণ্ডাগিৰি । জল জীৱন মিছনৰ কামত অনিয়ম দেখুৱাই দিয়াৰ বাবেই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ (AJYCP) নেতাক প্ৰহাৰ (AJYCP leader beaten case in Charaideo) । ইফালে অসমীয়া যুৱকক প্ৰহাৰ কৰাৰ পৰিণাম ভুগিব লাগিব বুলি ধমক দিয়াৰ বাবেই আৰক্ষীৰ ৰোষত পৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা (Sringkhal Chaliha to be arrested) ।
যাৰ বাবে এতিয়া বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ বাসগৃহত শিৱসাগৰ আৰক্ষীয়ে চলাইছে ৰণচালি । আনহাতে, যুৱ ছাত্ৰ পৰিষদৰ নেতাজনক প্ৰহাৰ কৰা নিৰ্মল মৌৰক মাত্ৰ এঘণ্টাৰ ভিতৰতে জামিন প্ৰদান কৰা আৰক্ষীয়ে অসমীয়া যুৱকক কিয় প্ৰহাৰ কৰিলে বুলি সোধাৰ বাবেই শৃংখল চলিহাক হাৰাশাস্তি চলোৱাৰ অভিযোগ (Bir Lachit Sena leader Sringkhal Chaliha) ।
আনহাতে, বহিৰাগতই আক্ৰমণ কৰিলে প্ৰত্যাক্ৰমণ কৰা হ'ব বুলি ভাবুকি শৃংখল চলিহাৰ । শৃংখল চলিহাৰ মন্তব্য, এচৰ মাৰিলে দুচৰ মৰা হ'ব । কিন্তু এইখিনিতে প্ৰশ্ন উঠিছে, জাতীয় সংগঠনৰ নেতাক প্ৰহাৰ কৰা ঠিকাদাৰৰ পক্ষত নেকি শিৱসাগৰ আৰক্ষী ?
লগতে পঢ়ক :Dergaon Don Bosco School: শিক্ষয়িত্ৰীৰ প্ৰহাৰত কাণ ফাটিল দশম শ্ৰেণীৰ ছাত্ৰৰ