Illegal coal mining in Assam:চৰকাৰৰ পৃষ্ঠপোষকতাতে ৰাজ্যত অবৈধ কয়লা খনন: লুৰিণজ্যোতি - AJP fire on illegal Coal mining

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 3, 2023, 2:06 PM IST

মৰাণ, ৩ এপ্ৰিল: ৰাজ্যত চলি থকা অবৈধ কয়লা খনন, সৰবৰাহ আৰু মাফিয়াৰাজ সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ বিস্ফোৰক মন্তব্য় (AJP president comment on illegal Coal mining)। ডিব্ৰুগড়ত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় যে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত কোনো ধৰণৰ অবৈধ কাৰ্যকলাপ হ'ব নোৱাৰিব বুলি কঠোৰ সঁকীয়নি দিছিল (AJP fire on illegal Coal mining)। কিন্তু কাৰ্যত মুখ্যমন্ত্ৰীৰ কঠোৰ সকীয়নিয়ে বন্ধ কৰিব নোৱাৰিলে অবৈধ কয়লা খননৰ লগতে চোৰাং কাৰ্যকলাপ । এতিয়াও অবৈধ কয়লা খননৰ জৰিয়তে ব্যাপক হাৰত বন আৰু পৰিৱেশৰ ধ্বংসযজ্ঞ চলিছে অসমত ।

অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে পুনৰ কয় যে তিনিচুকীয়াকে ধৰি উজনি অসমৰ কেইবাখনো জিলাত ৰেট হোল আৰু অপেন কাষ্ট উভয় ধৰণে অবৈধ কয়লা খনন আৰু সৰবৰাহ চলি আছে (AJP president Lurinjyoti Gogoi)। চৰকাৰৰ পৃষ্ঠপোষকতাতে ৰাজ্যত অবৈধ কয়লা খনন, সৰবৰাহ আৰু মাফিয়াৰাজ চলি থকা বুলি অভিযোগ উত্থাপন কৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে । লগতে শেহতীয়াকৈ কয়লা খননক লৈ উচ্চ ন্যায়ালয়ে দিয়া ৰায়ক আদৰণি জনাই কয় যে এজেপিয়ে অবৈধ কয়লা খনন-সৰবৰাহ আৰু মাফিয়াৰাজৰ সকলো তথ্য প্ৰদান কৰিব ন্যায়ালয়ক । 

লগতে পঢ়ক:Rupjyoti Kurmi criticizes AAP : দিল্লীত ৫০০ খন বিদ্যালয়হে আছে বুলি কেজৰিৱালক কটাক্ষ বিধায়ক কুৰ্মীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.