ছালফা নেতা সন্দৰ্ভত কথা কৈ শত্ৰু চপাই নলওঁ: দুলু আহমেদ
🎬 Watch Now: Feature Video
Published : Dec 14, 2023, 11:17 AM IST
ৰঙিয়া, 14 ডিচেম্বৰ : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত দল ত্যাগ আৰু যোগদানৰ খবৰে গৰম কৰি তুলিছে ৰাজ্যৰ ৰাজনীতি ৷ শেহতীয়াকৈ আলোচনাপন্থীৰ আলফা নেতা অৰবিন্দ ৰাজখোৱাই বিজেপিত যোগদান কৰিব বুলি চৰ্চা চলিছে ৷ এসময়ৰ আলফাক নেতৃত্ব দিয়া প্ৰাক্তন আলফা নেতা বিজেপিমুখী হোৱা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদে ৷
তেওঁ কয়, ‘‘অৰবিন্দ ৰাজখোৱাই বিজেপিত যোগদান সন্দৰ্ভত কিবা ক’লে মই ছালফা সদস্যসকলৰ শত্ৰু হম ৷ এনেও আলফা দুলু আহমেদৰ শত্ৰু ৷ যিসকলে বৰ বৰ কথা কৈ বিজেপিমুখী হৈছে সেইসকল নেতা সুবিধাবাদী নেতা ৷ তাতে ছালফাই হওক বা ৰাজনৈতিক নেতাই হওক ৷ মই কাকো উদ্দেশ্যি কোৱা নাই, বুজাই বুজি পাব ৷ এনেও মোৰ ৰাজনৈতিক শত্ৰুৰ অভাৱ নাই ৷ তাতে আকৌ প্ৰতিক্ৰিয়া দিলে আলফা আৰু ছালফাখিনিও দুলু আহমেদৰ পিছত পৰিব ৷’’
লগতে পঢ়ক : ৰঙিয়াত উৰণ সেতু নির্মাণ নোহোৱাত ভয়ংকৰ যানজঁট, ক্ষোভিত ৰাইজ