Bribery case: তিনি হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে কৃষি বিষয়াই - হাত দাঙিলে কৃষি বিষয়া বিদুৎ কুমাৰ তালুকদাৰে
🎬 Watch Now: Feature Video
Published : Sep 12, 2023, 8:31 PM IST
|Updated : Sep 13, 2023, 12:13 PM IST
মঙলদৈ, ১২ ছেপ্টেম্বৰ : নাও বুৰিলেও টিঙৰ পৰা নানামে একাংশ চৰকাৰী বিষয়াই ৷ ৩০০০ টকা উৎকোচ লৈ এইবাৰ গ্ৰেপ্তাৰ হ’ল দৰং জিলাৰ কৃষি বিষয়া ৷ নাম বিদুৎ কুমাৰ তালুকদাৰ ৷ তিনি হাজাৰ টকা ঘোচ লওঁতেই হাতে লোটে ধৰা পৰিল জিলা কৃষি বিষয়া বিদ্যুৎ কুমাৰ তালুকদাৰ ।
মঙলবাৰে দিনৰ প্ৰায় ১২ মান বজাত দুৰ্নীতি নিবাৰণ শাখাৰ এটা দলে মঙলদৈ চহৰৰ মাজ মজিয়াত থকা জিলা কৃষি বিভাগৰ কাৰ্যালয়ত অতৰ্কিতে অভিযান চলাই বিষয়াজনক গ্ৰেপ্তাৰ কৰে । অভিযোগ অনুসৰি কৃষি বিভাগৰ ৰাসায়নিক সাৰ আৰু কীটনাষক ঔষধ বিক্ৰীৰ বাবে এটি ১৫ দিনীয়া প্ৰশিক্ষণৰ বাবে বিভাগে এখন তালিকা প্ৰস্তুত কৰিছিল । এই প্ৰশিক্ষণ লাভ কৰিলেহে কৃষি বিভাগৰ অনুজ্ঞাপত্ৰ লাভ কৰিব পাৰিব লোকসকলে ৷
এই প্ৰশিক্ষণ তালিকাত নাম অন্তৰ্ভুক্ত কৰিবলৈ তালুকদাৰে বিচাৰিছিল ৫০০০ টকাকৈ উৎকোচ । সেইবাবে খাৰুপেটীয়াৰ এজন যুৱকে তেওঁক তিনিহাজাৰ টকা দিবলৈ আহিছিল ৷ সেই তিনিহাজাৰ টকা লৈ থাকোঁতেই হাতে-লোটে ধৰা পৰে বিষয়াজন । তালুকদাৰে দুমাহ পূৰ্বে মঙলদৈ লৈ আহি কৃষি বিষয়া হিচাপে যোগদান কৰিছিল ।
লগতে পঢ়ক: Theft incident in Post office: ডাকঘৰৰ তলা ভাঙি চোৰে লুটিলে গ্ৰাহকৰ 1 লাখ 72 হাজাৰ টকা