AGP president Atul Bora:মাতৃ বিয়োগৰ খবৰ ল’বলৈ ভৱেশ কলিতাৰ ঘৰত অগপৰ সভাপতি অতুল বৰা - বিজেপিৰ সভাপতি ভৱেশ কলিতা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/22-09-2023/640-480-19580006-thumbnail-16x9-atul-bora-bhabesk-kalita.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 22, 2023, 5:18 PM IST
বাইহাটা, 22 ছেপ্টেম্বৰ : বৃহস্পতিবাৰে নিশা বাইহাটা চাৰিআলিত উপস্থিত অগপ সভাপতি অতুল বৰা । বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ মাতৃৰ বিয়োগৰ খবৰ ল’বলৈ তেওঁৰ বাসগৃহত উপস্থিত হয় অগপৰ সভাপতি অতুল বৰা । অগপৰ সভাপতিগৰাকীয়ে ভৱেশ কলিতাৰ পৰিয়ালৰ সৈতে মত বিনিময় কৰি ওলাই অহাৰ পিচত সাংবাদিকৰ সৈতেও মত বিনিময় কৰে ।
সাংবাদিকৰ সৈতে কথা বতৰাত স্বাধীনতাৰ পিচত কংগ্ৰেছ চৰকাৰখনে বহু সময় ধৰি শাসনভাৰ পালে যদিও কিন্তু বিজেপি চৰকাৰৰ দিনতহে প্ৰকৃতাৰ্থত উন্নয়ন হৈছে বুলি মত প্ৰকাশ কৰে তেওঁ ৷ ৰকিবুল হুছেইনে অগপক সমালোচনা কৰাৰ উত্তৰত অতুল বৰাই কয় যে, সুদীৰ্ঘ কাল শাসন কৰা কংগ্ৰেছে জনসাধাৰণৰ প্ৰকৃত সেৱা কৰা হ’লে বা ৰাজ্যখনৰ সৰ্বাংগীণ বিকাশৰ কাৰণে কাম কৰি যোৱা হ’লে, কংগ্ৰেছৰ অৱস্থা এনেকুৱা নহ’লহেতেন । অগপৰ সভাপতিগৰাকীয়ে আগন্তুক লোকসভা নিৰ্বাচনত কিমানখন আসনত অগপই প্ৰতিদ্বন্দ্বিতা কৰিব এতিয়াও ঠিক হোৱা নাই বুলি প্ৰকাশ কৰে ।
লগতে পঢ়ক : Mother of Bhabesh Kalita passes away: মাতৃহাৰ হ’ল ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা