Protest in Amguri : ১৪ আগষ্টত আমগুৰি বন্ধ আহ্বান লাচিত সেনাসহ কেইবাটাও সংগঠনৰ
🎬 Watch Now: Feature Video
আমগুৰি, 12 আগষ্ট: নিৰ্বাচন আয়োগে সমষ্টি পুনঃনিৰ্ধাৰণৰ চূড়ান্ত খচৰা প্ৰথমখন তালিকা প্ৰকাশৰ পিচতে আমগুৰিত প্ৰতিবাদ বিভিন্ন দল সংগঠনৰ ৷ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, বীৰ লাচিত সেনা, আহোম সেনাৰ বিষয়ববীয়াই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । আমগুৰি নগৰৰ চাৰিআলিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতীয় নিৰ্বাচন আয়োগৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে ১৪ আগষ্টত আমগুৰি বন্ধ আহ্বান লাচিত সেনা, অসমীয়া যুৱ মঞ্চ, কৃষক মুক্তি, ছাত্ৰ মুক্তিৰ ৷
আমগুৰিৰ বিধায়ক প্ৰদীপ হাজৰিকা গ' বেক, বিজেপি মুৰ্দাবাদ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কাম নাই আদি শ্লোগানেৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনকেইটাই ৷ আনহাতে প্ৰতিবাদকাৰীক আৰক্ষীয়ে বাধা প্ৰদান কৰে ৷ ফলত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সৃষ্টি হয় হতাহতিৰ ৷
লগতে পঢ়ক:Amguri Protset: ৰাইজক টেঁটুচেপা নামাৰিব ! চৰকাৰলৈ অসমীয়া যুৱ মঞ্চৰ আহ্বান