African swine fever: মঙলদৈত আফ্ৰিকান ছোৱাইন ফিভাৰৰ সংক্ৰমণ - Veterinary Department
🎬 Watch Now: Feature Video
মঙলদৈ.৯ মে': মঙলদৈত পুনৰ আফ্ৰিকান ছোৱাইন ফিভাৰ । তৎপৰ পশু চিকিৎসা বিভাগ । মঙলদৈৰ আৰেঙত এখন ফাৰ্মত ধৰা পৰিছে এই বেমাৰ । পশু চিকিৎসা বিভাগৰ তৰফৰ পৰা মঙলবাৰে নিধন কৰা হয় ৮০ তাকৈ গাহৰি(African swine fever infection in Mangaldoi) । আৰেঙৰ এই অঞ্চলটি সংক্ৰমিত অঞ্চল ঘোষণা কৰে পশু চিকিৎসা বিভাগে(Veterinary Department) । মঙলদৈৰ নিকটৱৰ্তী আৰেঙৰ সত্যব্ৰত দাসৰ গাহৰি ফাৰ্মত বহু দিনৰ পৰা গাহৰিৰ বেমাৰ হৈ থকাৰ ফলত প্ৰায় ৬০ টা কৈ গাহৰিৰ মৃত্যু হৈছিল ।
পশু চিকিৎসা বিভাগক অৱগত কৰাৰ পিছত চিকিৎসা বিভাগে পৰীক্ষা নিৰীক্ষা চলোৱাৰ অন্তত আফ্ৰিকান ছোৱাইন ফিভাৰ ধৰা পৰে । তাৰ পাছতেই মঙলবাৰে বাকী থকা প্ৰায় ৮০ টাকৈ গাহৰি নিধন কৰে দৰং জিলা পশু চিকিৎসা বিভাগে (Killing of pigs in Mangaldoi) । এই গাহৰি নিধন কাৰ্যত গৰাকীৰ যি ক্ষতি সাধন হয় তাৰ গাহৰিৰ ওজন অনুযায়ী ক্ষতিপূৰণ পাব বুলি মন্তব্য কৰে দৰং জিলা পশু চিকিৎসা বিভাগে ।
লগতে পঢ়ক: Shri Shri Madhavdev Kalakhetra: বুধবাৰে মুখ্যমন্ত্ৰীয়ে মুকলি কৰিব শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ