Sudden visit of Darrang Additional DC: পঞ্চায়ত কাৰ্যালয়ত ছাডেন ভিজিট দৰঙৰ অতিৰিক্ত উপায়ুক্তৰ

By

Published : Jul 1, 2023, 11:13 AM IST

thumbnail

দৰং, 1 জুলাই : পঞ্চায়ত কাৰ্যালয়ত দৰং জিলা প্ৰশাসনৰ চাদেন ভিজিট । তিনিটাকৈ পঞ্চায়তত দৰঙৰ অতিৰিক্ত উপায়ুক্ত উপস্থিত হৈ কাৰ্যালয়ত নাপালে এজনো কৰ্মচাৰীক ৷ মঙলদৈ চহৰৰ মাজমজিয়াত অৱস্থিত এইকেইটা পঞ্চায়ত কাৰ্যালয় । পঞ্চায়তকেইটা হৈছে পুথিমাৰী পঞ্চায়ত, চাউল খোৱা পঞ্চায়ত আৰু মোৱামাৰী পঞ্চায়ত ।

উল্লেখ্য যে, মঙলদৈ চহৰৰ মাজমজিয়াৰ 1 নং ৱাৰ্ডৰ একেটা চৌহদতে আছে তিনিটাকৈ পঞ্চায়ত । লক্ষণীয়ভাৱে দৰঙৰ উপায়ুক্ত কাৰ্যালয়ৰ নিচেই ওচৰতে অৱস্থিত এই কাৰ্যালয়কেইটা । অতিৰিক্ত উপায়ুক্তগৰাকী উপস্থিত হৈ তিনিওটা পঞ্চায়ততে নাপালে এজনো কৰ্মচাৰী । যি সময়ত ৰাজ্য চৰকাৰ খনে দুৰ্নীতিৰ ক্ষেত্ৰত শূণ্য সহনশীল বুলি দাবী কৰে তেনে সময়ত চৰকাৰী দায়িত্বক ফাঁকি দি কৰ্তব্যৰ পালনৰ পৰা বিৰত থকা চৰকাৰী কৰ্মচাৰীসকলৰ ক্ষেত্ৰত প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয় ।  

লগতে পঢ়ক : Bodoland University Controversy: স্নাতক শিক্ষাৰ্থীয়ে অসমীয়া ভাষাতেই লিখিব পাৰিব পৰীক্ষাত

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.