Ayushman card in Assam : আয়ুস্মান কাৰ্ডে ধেমাজি-লখিমপুৰ বহু দৰিদ্ৰ পৰিয়ালৰ ৰোগীৰ মুখলৈ ঘূৰাই আনিছে হাঁহি - জন আৰোগ্য যোজনাৰ অধীনত প্ৰৱৰ্তন কৰা আয়ুস্মান কাৰ্ড
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/640-480-18558717-thumbnail-16x9-dmj.jpg)
ধেমাজি, 21 মে’ : ৰাজ্যৰ স্বাস্থ্যখণ্ডত বিভিন্ন সময়ত সততে চৰকাৰী সেৱা আৰু সুবিধাৰ পৰা বঞ্চিত হৈ অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ এনে সময়তে মুখ্যমন্ত্ৰীৰ জন আৰোগ্য যোজনাৰ অধীনত প্ৰৱৰ্তন কৰা আয়ুস্মান কাৰ্ড দৰিদ্ৰ হিতাধিকাৰীৰ বাবে এক আশীৰ্বাদ স্বৰূপ (Medical services through Ayushman Card in Dhemaji)৷ কাৰণ এই কাৰ্ডৰ জৰিয়তে ধেমাজি আৰু লখিমপুৰৰ বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা বহু দৰিদ্ৰ পৰিয়ালৰ মুখলৈ ঘূৰাই আহিছে হাঁহি (Ayushman card in Assam) ৷
আয়ুস্মান কাৰ্ডৰ জৰিয়তে দৰিদ্ৰ হিতাধিকাৰীসকলে বছৰি পাঁচ লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱাৰ সুবিধা লাভ কৰি যথেষ্ট সকাহ লাভ কৰিছে ৷ এইক্ষেত্ৰত ধেমাজি অসামৰিক চিকিৎসালয়, ধেমাজি বিচিবি কেয়াৰ নাৰ্চিং হোম আৰু গোগামুখৰ 30 খন বিচনাযুক্ত চিকিৎসালয়ত আয়ুস্মান কেন্দ্ৰৰ কৰ্মীসকলৰ জৰিয়তে বিনামূলীয়া চিকিৎসাৰ কাৰ্ড লাভ কৰি ৰোগীয়ে চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হৈছে ৷
কেৱল জটিল ৰোগে নহয়, জলাতংক, গ’ল্ড ৱাল্ডাৰ, এপেণ্ডিচাইটিচ আদিৰ দৰে ৰোগৰ চিকিৎসাও এই কাৰ্ডৰ জৰিয়তে সুবিধা লাভ কৰি আৰোগ্য হ’ব পাৰে ৷ ধেমাজি অসামৰিক চিকিৎসালয়ৰ অধীনত চিকিৎসা সেৱা লাভ কেইগৰাকী ৰোগী হৈছে ক্ৰমে বিজিত গোহাঁই, ৰীণা শইকীয়া, ৰত্ন দস, লেলিন দলে, নিকুমণি টায়িড ইয়েন আদি ৷
আয়ুস্মান কাৰ্ডৰ জৰিয়তে চিকিৎসা সেৱা লাভ কৰাৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে ৰোগী আৰু ৰোগীৰ পৰিয়ালবৰ্গই ভাৰতৰ প্ৰধানমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷ আনহাতে, ধেমাজি অসামৰিক চিকিৎসালয়ৰ সংশ্লিষ্ট আয়ুস্মান কেন্দ্ৰৰ মিত্ৰ, কৰ্মী আৰু চিকিৎসালয়ৰ কৰ্তৃপক্ষই এই কাৰ্ডৰ জৰিয়তে বিনামূলীয়া সেৱা গ্ৰহণ কৰিবলৈ দৰিদ্ৰ পৰিয়ালক আহ্বান জনাইছে ৷
লগতে পঢ়ক : Reshuffle in Assam police: অসম আৰক্ষীৰ ৮৩ উপ-পৰিদৰ্শকক বদলি