Accused arrested on rape charges: অৱশেষত গ্ৰেপ্তাৰ কিশোৰী ধৰ্ষণকাৰী - Rape case in Guwahati
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10-10-2023/640-480-19731427-thumbnail-16x9-ghy-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Oct 10, 2023, 9:06 PM IST
গুৱাহাটী,১০ অক্টোবৰ: কিশোৰীক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ হ'ল আব্দুল হামিদ । মহানগৰীৰ দক্ষিণ গাঁৱত ১৩ বছৰীয়া এগৰাকী কিশোৰীক ধৰ্ষণৰ অভিযোগ উঠিছিল আব্দুল হামিদৰ বিৰুদ্ধে । নিচাযুক্ত দ্ৰব্য খুৱাই ধৰ্ষণৰ অভিযোগ আব্দুল হামিদ নামৰ বিবাহিত পুৰুষ এজনৰ বিৰুদ্ধে । অষ্টম শ্ৰেণীত পঢ়ি থকা ১৩ বছৰীয়া এগৰাকী কিশোৰী আৰু মাতৃক নিচাযুক্ত দ্ৰব্য খুৱাই অচেতন কৰি কিশোৰী গৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল কিশোৰীগৰাকীৰ পৰিয়ালে ।
উল্লেখযোগ্য যে আব্দুল হামিদ এজন বিবাহিত পুৰুষ, আছে দুই সন্তানো । প্ৰথমে কিশোৰী গৰাকীক প্ৰেমৰ জালত পেলাইছিল আব্দুল হামিদ নামৰ লোকজনে । পিছলৈ ১৩ বছৰীয়া কিশোৰী আৰু মাতৃক নিচাযুক্ত দ্ৰব্য খুৱাই অচেতন কৰি কিশোৰীগৰাকীক ধৰ্ষণ কৰিছিল বুলি উত্থাপন হৈছিল । উপায়ন্তৰ হৈ কিশোৰীগৰাকীৰ ন্যায় বিচাৰি ভগদত্তপুৰ আৰক্ষী চকীৰ কাষ চাপি এজাহাৰ দাখিল কৰিছিল ভুক্তভোগী পৰিয়ালৰ লোকে । ২৩ আগষ্টতে ১৯২৯/২০২৩ নম্বৰত গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখি অৱশেষত আব্দুল হামিদক গ্ৰেপ্তাৰ কৰে ।
লগতে পঢ়ক: CRPF jawan commits suicide: সৰুপথাৰত নিজ বন্দুকৰে গুলীয়াই আত্মহনন CRPF জোৱানৰ