AATSA protest: একাধিক সমস্যা সমাধানৰ দাবীৰে নগাঁৱত আটছাৰ উত্তাল প্ৰতিবাদ

🎬 Watch Now: Feature Video

thumbnail

নগাঁও, ১৫ মে': চাহ শ্ৰমিকক উপযুক্ত মজুৰি প্ৰদানকে ধৰি চাহ শ্ৰমিকসকলৰ একাধিক সমস্যা সমাধানৰ দাবীত সোমবাৰে নগাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিয়ে (AATSA protest in Nagaon) । নগাঁও শ্ৰম আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰৰ লগতে ক্ষুদ্ৰ চাহ বাগিচাৰ মালিকৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে চাহ জনজাতি ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতি ।  

সোমবাৰে সদৌ অসম চাহ জনজাতি ছাৰ সন্থাৰ নিৰ্দেশ মৰ্মে নগাঁও জিলা, হোজাই আৰু কলিয়াবৰ মহকুমা সমিতিয়ে ৰূপায়ণ কৰে প্ৰতিবাদী কাৰ্যসূচী (AATSA protest against tea garden owners) । প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে চাহ শ্ৰমিকসকলক উপযুক্ত মজুৰি প্ৰদান কৰাৰ লগতে শ্ৰম আইন অনুসৰি সকলো সা-সুবিধা প্ৰদানৰ দাবী জনায় চাহ জনজাতি ছাত্ৰ সন্থাই ।  

মূল্যবৃদ্ধিৰ এক জটিল সময়তো ক্ষুদ্ৰ চাহ বাগিচাৰ মালিকসকলে মাত্ৰ দৈনিক ১২০ টকা মজুৰি প্ৰদান কৰি একপ্ৰকাৰ হিটলাৰী শাসন চলোৱাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে । এই ক্ষেত্ৰত বিভাগীয় মন্ত্ৰীৰ ভূমিকাকলৈও তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে চাহ জনজাতি ছাত্ৰ সন্থাৰ নগাঁও জিলা সমিতিয়ে । 

লগতে পঢ়ক: Teacher commits suicide: নগাঁও কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষয়িত্ৰীৰ আত্মহনন; ঘটনাক লৈ চাঞ্চল্য

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.