নাগৰিকত্ব সংশোধনী বিধেয়ক অসাংবিধানিক; আছুৰ সম্পাদক শংকৰজ্যোতি বৰুৱা - সংশোধনী আইন বলৱৎ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-11-2023/640-480-20130953-thumbnail-16x9-gbyg.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 28, 2023, 11:44 AM IST
|Updated : Nov 28, 2023, 12:20 PM IST
ডিব্ৰুগড়, 28 নৱেম্বৰ: লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে পুনৰ চৰ্চালৈ আহিছে নাগৰিকত্ব সংশোধনী বিধেয়ক চমুকৈ 'কা' ৰ প্ৰসংগ । নাগৰিকত্ব সংশোধনী বিধেয়ক অনতিপলমে বলৱৎ কৰা হ'ব বুলি কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰ টেনীয়ে সদৰী কৰাৰ পাছতে ৰাজ্যত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী অজয় মিশ্ৰ টেনীয়ে "অচিৰেই নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰা হ'ব" বুলি প্ৰকাশ কৰাৰ পিছত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই ডিব্ৰুগড়ৰ চাবুৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰে ।
আছুৰ সম্পাদকগৰাকীয়ে কয়, " নাগৰিকত্ব সংশোধনী বিধেয়ক অসাংবিধানিক, কা বলবৎ হ'লে ই সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰটো নাইকীয়া কৰি পেলাব ।" লগতে সম্পাদকগৰাকীয়ে আদালতত বিষয়টো বিলম্ব হৈ থকা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ ইতিমধ্যে কা বলৱৎ কৰাৰ বিৰোধিতা জনাই 200 ৰো অধিক আবেদন দাখিল কৰা হৈছে বুলি উল্লেখ কৰি অসমৰ লগতে উত্তৰ-পূবাঞ্চলৰ পৰা এই সন্দৰ্ভত 53 খন আবেদন আদালতত দাখিল কৰা হৈছে বুলি কয় আছুৰ সম্পাদকগৰাকীয়ে ৷
লগতে পঢ়ক: শীঘ্ৰে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা উৎপন্ন হ’ব বিদ্যুৎ; কেন্দ্ৰীয় শক্তিমন্ত্ৰী