AASU protests: শক্তিমন্ত্ৰীক পদত্যাগ কৰিবলৈ দাবী আছুৰ - উজান বজাৰস্থিত শ্বহীদ ন্যাস

🎬 Watch Now: Feature Video

thumbnail

By

Published : Feb 1, 2023, 7:51 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

গুৱাহাটী, 1 ফেব্ৰুৱাৰী: "চৰকাৰে এয়া ৰাইজক মাধমাৰ দিয়াৰ ব্যৱস্থা কৰিছে ৷ সদৌ অসম ছাত্ৰ সন্থাই সদায় ৰাইজৰ লগত থাকি ইয়াৰ বিৰোধিতা কৰি আহিছে ৷ যেতিয়ালৈকে এই জাননী বাতিল কৰাৰ ব্যৱস্থা গ্ৰহণ নকৰিব,বিদ্যুৎ মাছুল হ্ৰাস কৰাৰ জাননী জাৰি নকৰিব তেতিয়ালৈকে আমি এই প্ৰতিবাদ অব্যাহত থাকিব, আমাৰ প্ৰতিবাদে ইয়াতকৈও ভয়ংকৰ ৰূপ লব ৷ যি সময়ত চৰকাৰৰ প্ৰতিগৰাকী মন্ত্ৰীয়ে দায়িত্বশীল মন্তব্য প্ৰদান কৰিব লাগে সেই সময়ত চৰকাৰৰ মন্ত্ৰীসকলে গা এৰা মন্তব্য প্ৰদান কৰি আহিছে ৷  

চৰকাৰৰ দায়িত্ব হ’ল সাধাৰণ ৰাইজক সকাহ প্ৰদান কৰা ৷ সাধাৰণ ৰাইজক প্ৰতিৰক্ষা দিয়া ৷ চৰকাৰে যদি এইখিনিকে কৰিব নোৱাৰে তেনেহ’লে শক্তিমন্ত্ৰীৰ গাদীত বহি থকাৰ কোনো নৈতিক অধিকাৰ নাই ৷ তেওঁ পদত্য়াগ কৰিব লাগে ৷ আমাৰ স্পষ্ট কথা যে বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ সিদ্ধান্ত মানি লোৱা নহয় ৷" ৰাজ্য চৰকাৰৰ প্ৰতি ক্ষোভ উজাৰি প্ৰতিবাদকাৰী আছুৰ নেতাই এই মন্তব্য প্ৰকাশ কৰে (AASU protests against power tariff hike) ৷  

ৰাজ্যজুৰি অব্যাহত আছে আছুৰ বিক্ষোভ কাৰ্যসূচী ৷ 1 ফেব্ৰুৱাৰীৰ পৰা পুনৰ ৰাজ্যত  প্ৰতি ইউনিটত 50 পইচাকৈ মাচুল বৃদ্ধি কৰাৰ জাননী জাৰি কৰাৰ পিছতে  বিক্ষোভ কাৰ্যসূচী হাতত লয় আছুৱে (Protests against power tariff hike in Guwahati) । ৰাজ্যৰ জনসাধাৰণক মাধমাৰ শোধাই অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ APDCL এ বিদ্যুৎ মাচুল বৃদ্ধি কৰাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে সদৌ অসম ছাত্ৰ সন্থাই ।

বুধবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ উজান বজাৰস্থিত শ্বহীদ ন্যাসৰ সন্মুখত সদৌ কামৰূপ (মহানগৰ) জিলা আছুৱে বিক্ষোভ কাৰ্যসূচী হাতত লৈছে (AASU protests in Guwahati)৷ প্ৰতিবাদকাৰীসকলে ক্ষোভ উজাৰি কয় যে অত্যাৱশ্যকীয় সামগ্ৰীৰ দামবৃদ্ধি ৰোধ কৰাতো ব্যৰ্থ হৈছে চৰকাৰ। 2022 বৰ্ষৰ নৱেম্বৰত প্ৰতি ইউনিটত ৰাজ্য চৰকাৰে 30 পইচা বৃদ্ধি কৰি এমাহৰ পাছতে পুনৰ 20 পইচা বৃদ্ধি কৰি সৰ্বসাধাৰণ ৰাইজক মাধমাৰ শোধাইছে APDCL য়ে । 

প্ৰতিবাদকাৰীসকলে শক্তিবিভাগ হায় হায়, শক্তি মন্ত্ৰী হুচিয়াৰ APDCL হায় হায় আদি শ্ল’গান, বেনাৰ, প্লেকাৰ্ড  হাতে হাতে লৈ  APDCL ৰ জুমুঠি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ইফালে APDCL দিয়া জাননী বাতিল কৰাৰ সিদ্ধান্ত বাতিল নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব বুলি আছুকৰ্মীসকলে হুংকাৰ দিয়ে।

লগতে পঢ়ক: AASU Protest in Tinsukia : তিনিচুকীয়াত বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদ আছুৰ

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.