Power Minister's effigy burnt: ডিব্ৰুগড়ৰ ১৫ টাকৈ স্থানত শক্তিমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি আছুৰ প্ৰতিবাদ - শক্তিমন্ত্ৰীৰ পুত্তলিকা দাহ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/05-09-2023/640-480-19439823-thumbnail-16x9-aasu.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 5, 2023, 11:03 PM IST
ডিব্ৰুগড়/নাহৰকটীয়া, ৫ ছেপ্টেম্বৰ: বিজেপি চৰকাৰে ২৪ ঘন্টাই বিদ্যুতৰ যোগান ধৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । কিন্তু সকলো প্ৰতিশ্ৰুতি ৰঙীণ বিজ্ঞাপনতে সীমাবদ্ধ হৈ থাকিল । ফলত সময়ত বিদ্যুতৰ যোগান নাপাই ৰাইজে হাহাকাৰ কৰিব লগা হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ দৰে ডিব্ৰুগড় জিলাখনতো বিদ্যুতৰ লুকাভাকুত অতিষ্ঠ হৈ পৰিছে ৰাইজ । শক্তি বিভাগক বিদ্যুৎ যোগান নিয়মীয়া কৰিবলৈ দাবী জনাই আহিছে যদিও শক্তি বিভাগৰ গুৰুত্বহীনতাৰ পাচতে আজি ডিব্ৰুগড়ৰ 15 টাকৈ স্থানত প্ৰতিবাদ সাব্যস্ত কৰিলে আছু কৰ্মীসকলে ।
ডিব্ৰুগড় জিলাৰ জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত টিংখাং, ৰাজগড়, খোৱাং, নাহৰকটীয়া, নামৰূপ, দুলীয়াজান, চাবুৱা বৰবৰুৱা, মৰাণ আদি কৰি 15 খন আঞ্চলিকে পৃথকে পৃথকে শক্তিমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি বিদ্যুৎ যোগান নিয়মীয়া কৰাৰ লগতে বিদ্যুৎ যোগানত ব্যৰ্থ হোৱা শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পদত্যাগৰ দাবী উত্থাপন কৰে ।
প্ৰতিবাদকাৰী আছুৰ নেতৃত্বই কয়, ৰাজ্য চৰকাৰৰ শক্তি বিভাগে ঘৰুৱা তাপ বিদ্যুৎ উদ্যোগকেইটাৰ উৎপাদন কমাই ব্যক্তিগত উৎসৰ পৰা বিদ্যুৎ ক্ৰয় কৰি পুঁজিপতিৰ স্বাৰ্থ সুৰক্ষিত কৰিছে ৷ আছুৱে এই সন্দৰ্ভত আন্দোলন অধিক তীব্ৰ কৰি তুলিব বুলি হুংকাৰ প্ৰদান কৰে ৷
Oc/vo: সঘনাই বিদ্যুৎ কৰ্তন আৰু বিদ্যুতৰ অত্যাধিক মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক অতিস্থ কৰাৰ সময়ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে । সমগ্ৰ ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে নামৰূপতো আছুৱে সাব্যস্ত কৰে ব্যাপক প্ৰতিবাদ । নামৰূপ সোণাৰী তিনি আলিত আজি সন্ধিয়া নামৰূপ আছুৱে শক্তি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ পুত্তুলিকা দাহ কৰাৰ লগতে বিজপে নেতৃত্বাধীন অসম চৰকাৰক তীব্ৰ সমালোচনা কৰে ৷