AASU protest Sivsagar: শক্তি বিভাগৰ বিৰুদ্ধে AASU ৰ প্ৰতিবাদ
🎬 Watch Now: Feature Video
Published : Aug 31, 2023, 8:44 PM IST
শিৱসাগৰ,৩১ আগষ্ট: শিৱসাগৰত বিদ্যুতৰ লুকাভাকু । এই আহে, এই যায় বিদ্যুৎ । ভাদ মাহৰ গৰমত অৱস্থা তথৈবচ ৰাইজৰ ।
বিদ্যুতৰ এনে অনিয়মীয়া সৰবৰাহক লৈ সৰৱ হৈ পৰিছে সদৌ অসম ছাত্র সন্থাৰ শিৱসাগৰ আঞ্চলিক সমিতি ৷ আজি শিৱসাগৰ আঞ্চলিক আছুৱে নগৰত এক প্ৰতিবাদী সমদল বাহিৰ কৰি অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ শিৱসাগৰ সংমণ্ডল কাৰ্যালয়ত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
অসম চৰকাৰ হায় হায়, শক্তি মন্ত্ৰী নিপাত যাওঁক, বিদ্যুৎ সৰবৰাহ নিয়মীয়া কৰক আদি শ্ল'গান দি পৰিস্থিতি উত্তপ্ত কৰি তোলে আছুৱে । উন্নয়নৰ ঢোল বজোৱা বিজেপি চৰকাৰে ৰাইজৰ নূন্যতম প্ৰয়োজন বিদ্যুৎ সৰবৰাহ নিয়মীয়া কৰিব নোৱাৰাক লৈ তীব্ৰ সমালোচনা কৰি আগন্তুক দিনত বিদ্যুৎ সৰৱৰাহ নিয়মীয়া কৰিবলৈ দাবী উত্থাপন কৰে ।
লগতে পঢ়ক: MBBS course in 2023 : শুকুৰবাৰৰ পৰা নগাঁও চিকিৎসা মহাবিদ্যালয়ত MBBS ৰ পাঠ্যক্ৰম আৰম্ভ