Felicitation programme in Naharjatia: নাহৰকটীয়াত আছুৰ বিশেষ অভিনন্দন অনুষ্ঠান - Felicitation programme in Naharjatia
🎬 Watch Now: Feature Video
নাহৰকটীয়া, ১০ জুলাই: নাহৰকটীয়াত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে সদৌ অসম ছাত্ৰ সন্থাই । হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জ্ঞাপন কৰিবলৈ নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰে বিশেষ অভিনন্দন অনুষ্ঠান । নামৰূপ এ পি এল প্ৰমোদ ভৱনত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত নামৰূপ অঞ্চলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৬৩ গৰাকী ছাত্ৰছাত্ৰীক সম্বৰ্দ্ধনা পত্ৰ আৰু উপহাৰৰ টোপোলাৰে অভিনন্দন জনায় ।
উল্লেখ্য যে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ এই সম্বৰ্ধনা সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বিশিষ্ট লোক-সংস্কৃতিবিদ ড৹ অনিল শইকীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অনিল গগৈ, নামৰূপ শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষা স্মৃতি দত্ত বৰা আৰু বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে সভাত উপস্থিত ছাত্ৰ-ছাত্ৰী, শিক্ষক অভিভাৱকৰ সৈতে মত বিনিময় কৰে । সদৌ অসম ছাত্ৰ সন্থাই কৃতি ছাত্র-ছাত্ৰীসকলক অনুপ্ৰেৰণা দিয়াাৰ উদ্দেশ্যৰে প্ৰতিবছৰে এনেদৰে সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে সকলোৱে শলাগ লয় ।
লগতে পঢ়ক: Constituency delimitation 2023 : শিৱসাগৰত ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ