AASAA Protest in Tezpur: জনজাতি মৰ্যদা প্ৰদানৰ দাবীত আছাৰ প্ৰতিবাদ - আদিবাসী ছাত্ৰ সন্থা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 5, 2023, 5:33 PM IST

তেজপুৰ, ৫ জুলাই : অসমৰ ভূমিপুত্ৰ আদিবাসীসকলক শীঘ্ৰে জনজাতিৰ মৰ্যদা প্ৰদান কৰাৰ দাবীৰে বুধবাৰে তেজপুৰৰ আদালত চাৰিয়ালিত সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ চৰকাৰে আদিবাসীসকলক দীৰ্ঘদিনে কৰি অহা প্ৰতাৰণাৰ বিৰুদ্ধে শোণিতপুৰ জিলা আদিবাসী ছাত্ৰ সন্থাই অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰে ৷ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫২৫ টকালৈ বৃদ্ধি কৰা, আদিবাসী জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান আৰু আদিবাসী সকলক ভূমিৰ ম্যাদিপট্টা প্ৰদান কৰা আদি দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে আছাই ৷

প্ৰতিবাদকাৰীসকলৰ অভিযোগ, চৰকাৰে বাৰে বাৰে প্ৰতিশ্ৰুতি দিয়াৰ পাচতো প্ৰতিশ্ৰুতি পালন কৰা নাই ৷ সেয়েহে আগন্তুক লোকসভা নিৰ্বাচনৰ পূৰ্বে আদিবাসীসকলক জনজাতিৰ মৰ্যদা প্ৰদান নকৰিলে নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ছাত্ৰ সংগঠনটোৰ ৷ আনহাতে চৰকাৰ বিৰোধী শ্লোগানেৰে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী সংগঠনটোৰ নেতা-কৰ্মীসকলে ৷ 

লগতে পঢ়ক:Poison in Well : পানীখোৱা খালত বিহ ! তেজপুৰত ভয়ংকৰ ঘটনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.