Protest at Moran : চাহ বাগিচাৰ লোকৰ মাটি অবৈধভাৱে দখল কৰাক লৈ মৰাণত আছাৰ উত্তাল প্ৰতিবাদ
🎬 Watch Now: Feature Video
Published : Sep 22, 2023, 4:58 PM IST
ডিব্ৰুগড়, 22 ছেপ্টেম্বৰ : চাহ বাগিচাৰ লোকৰ মাটি অবৈধভাৱে দখল কৰাক লৈ মৰাণত আছাৰ উত্তাল প্ৰতিবাদ ৷ মৰাণৰ অভয়পুৰ বঙালী গাঁৱৰ দুজন লোকৰ ভূমি অবৈধভাৱে কেইজনমান লোকে দখল কৰাক লৈ শুকুৰবাৰে মৰাণত আদিবাসী ছাত্ৰ সন্থা (আছা) মৰাণ আঞ্চলিক সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
গাওঁখনৰ চনু খাৰিয়া আৰু বাকা খাৰিয়া নামৰ ব্যক্তি দুজনৰ প্ৰায় ১৭ বিঘাকৈ মাটি অবৈধভাৱে দখল কৰাৰ অভিযোগ লোককেইজনৰ বিৰুদ্ধে ৷ সামান্য পৰিমাণৰ মাটি ক্ৰয় কৰাৰ সুযোগ গ্ৰহণ কৰি এই মাটি দখল কৰাৰ অভিযোগ উঠিছে আলী আকবৰ আহমেদকে ধৰি কেইজনমান লোকৰ বিৰুদ্ধে ৷
বিগত ৩০ জুনত এই সন্দৰ্ভত আলোচনা হৈছিল যদিও পৰিয়াল দুটাই কোনো সদুত্তৰ নাপালে ৷ যাৰ বাবে শুকুৰবাৰে আদিবাসী ছাত্ৰ সন্থা মৰাণ আঞ্চলিক সমিতিয়ে মৰাণ ৰাজহ চক্ৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘটেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ৰাজহ চক্ৰ বিষয়াক এই অবৈধ দখলৰ তদন্ত কৰিবলৈ সংগঠনটোৱে দাবী উত্থাপন কৰে ৷