AAP Protest in Guwahati : নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ সিদ্ধান্ত বাতিলৰ দাবীত আপৰ প্ৰতিবাদ - নামৰূপ সাৰ কাৰখানা

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 31, 2023, 2:03 PM IST

গুৱাহাটী, 31 জুলাই : নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ সিদ্ধান্ত বাতিলৰ দাবীত তথা চতুৰ্থ গোট শীঘ্ৰেই স্থাপন কৰাৰ দাবীত আম আদমি পাৰ্টীয়ে সোমবাৰে গুৱাহাটীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ প্ৰতিবাদকাৰীসলে হাতে হাতে বেনাৰ, ফেষ্টুন লৈ সমদল উলিয়ায় ৷ দলটোৰ ৰাজ্যিক সভাপতি ভবেন চৌধুৰীৰ নেতৃত্বত হোৱা এই প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীয়ে বাধা প্ৰদান কৰা পৰিলক্ষিত হয় ৷  

প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ জৰিয়তে ৰাজ্যপাললৈ বিভিন্ন দাবী সম্বলিত এখন স্মাৰক-পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰী সকলে ৷ উল্লেখ্য যে, আপৰ ৰাজ্যিক সভাপতি ভবেন চৌধুৰী স্বাক্ষৰিত স্মাৰকপত্ৰৰ জৰিয়তে ১৯৬৬ চনত নামৰূপত স্থাপন কৰা তথা অসমৰ কৃষি অৰ্থনীতিলৈ বহুলভাৱে অৱদান আগবঢ়াই অহা নামৰূপ সাৰ কাৰখানা কোনো কাৰণতে বন্ধ নকৰাৰ বাবে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰে ৷ 

স্মাৰকপত্ৰত উল্লেখ কৰে যে, দেশৰ ভিতৰতে সৰ্বাধিক ইউৰিয়া উৎপাদন কৰি থকা এই সাৰ কাৰখানাৰ লগত সহস্ৰাধিক লোকৰ জীৱন-জীৱিকা জড়িত হৈ থকাৰ লগতে অসমৰ জনতাৰ এক আবেগ জড়িত হৈ আছে ৷ সেয়েহে ভাৰত চৰকাৰে ঘোষণা কৰা অনুসৰি সাৰ কাৰখানাৰ চতুৰ্থ গোট স্থাপন কৰিবলৈ সাংবিধানিক ক্ষমতা প্ৰয়োগেৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি উল্লেখ কৰে স্মাৰক পত্ৰত ৷ 

লগতে পঢ়ক : SC on Manipur violence : শীৰ্ষ আদালতে সোমবাৰে গ্ৰহণ কৰিব মণিপুৰৰ দুই নিৰ্যাতিতা যুৱতীৰ গোচৰৰ শুনানি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.