মাকুমত আম আদমী পাৰ্টিৰ গাঁৱলৈ যাত্ৰা শীৰ্ষক মটৰ চাইকেল ৰেলী

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 6:35 PM IST

thumbnail

তিনিচুকীয়া, ১৭ ডিচেম্বৰ: ২৬ নৱেম্বৰৰ পৰা ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত আম আদমী পাৰ্টিৰ উদ্যোগত আৰম্ভ হোৱা সৱল গাঁও উন্নত অসম পৰিকল্পনাৰে গাঁৱলৈ যাত্ৰা কৰা দলটো আজি মাকুম বিধানসভা সমষ্টিৰ ৰজনীকান্ত বৰদলৈ খেলপথাৰত উপস্থিত হয় । মাকুমৰ ৰজনীকান্ত বৰদলৈ খেলপথাৰৰ পৰা দলটোৱে মাকুম সমষ্টিৰ অন্তৰ্গত কেইবাটাও গাঁও পঞ্চায়তৰ অধীনৰ গাঁও সমূহলৈ যাত্ৰা আৰম্ভ কৰে । এই দলটোৱে লগতে স্থানীয় ৰাইজৰ সৈতে মতবিনিময় কৰে  ৷

গাঁৱলৈ যাত্ৰা শীৰ্ষক কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে গাঁৱৰ ৰাইজক বিকল্প ৰাজনৈতিক দলৰ বিষয়ে সজাগ কৰা । সজাগতাৰ বাবে যাত্ৰা আৰম্ভ কৰা বুলি আম আদমী পাৰ্টিৰ ৰাজ্যিক উপ-সভাপতি মনোজ ধানোৱাৰে উল্লেখ কৰে । উক্ত যাত্ৰাত উপ-সভাপতিগৰাকীৰ সৈতে অংশ গ্ৰহণ কৰে আম আদমী পাৰ্টিৰ তিনিচুকীয়া জিলাৰ সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি পংকজ বৰগোঁহাই প্ৰমুখ্যে দলীয় কৰ্মীসকলে ।

লগতে পঢ়ক:মহানগৰীৰ লাল গণেশত বিধ্বংসী অগ্নিকাণ্ড, নিমিষতে ছাঁই হ’ল বহু সম্পত্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.