সাতদফীয়া দাবীৰ সমৰ্থনত ৰাজপথত আমছু - Assam CM Himanta Biswa Sarma
🎬 Watch Now: Feature Video
সাত দফীয়া দাবীৰ সমৰ্থনত ধুবুৰীত সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুয়ে সাব্যস্ত কৰে প্ৰতিবাদ(AAMSU protest in Dhubri) ৷ শিক্ষক নিযুক্তি, চৰকাৰী চাকৰি, মূল্যবৃদ্ধি ৰোধ আদিকে ধৰি 7 দফীয়া দাবীত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোয়ে(AAMSU protests to fulfil seven-point demand) ৷ দিনৰ প্ৰায় বাৰ বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিবাদী কাৰ্যসূচীত প্ৰতিবাদকাৰীসকলে ছাত্ৰ অনুপাতে শিক্ষক নিযুক্তি, জন সংখ্যা অনুপাতে চৰকাৰী চাকৰি, মূল্যবৃদ্ধি ৰোধ কৰা(AAMSU on price hike) আৰু ভূমিহীন পৰিয়ালক মাটিৰ পট্টা প্ৰদান তথা উচ্ছেদিত লোকক পুনৰ সংস্থাপিত কৰাৰ বাবে চৰকাৰক দাবী জনায় ৷ তদুপৰি শিক্ষক বদলিকৰণৰ পূৰ্বে স্কুলসমূহত শিক্ষক নিযুক্তি সম্পূৰ্ণ কৰা, বহিঃ ৰাজ্যত কৰ্মত নিয়োজিত অসমৰ শ্ৰমিক সকলৰ সুৰক্ষা সুনিশ্চিত কৰা, অৰুণাচল প্ৰদেশত মৃত্যুবৰণ কৰা শ্ৰমিকসকললৈ ৫ লাখ টকাৰ সাহায্য প্ৰদান কৰাৰ লগতে নিখোঁজ হৈ থকা শ্ৰমিকসকলৰ সন্ধানৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোয়ে ৷ ইয়াৰোপৰি মূল্যবৃদ্ধি ৰোধ কৰাত সম্পূৰ্ণ ব্যৰ্থ হোৱা অভিযোগেৰে মুখ্যমন্ত্ৰীগৰাকীৰো পদত্যাগৰ দাবী জনায় জিলা আমছুৱে(Assam CM Himanta Biswa Sarma) ৷ মংগলবাৰৰ অৱস্থান ধৰ্মঘটৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ সাত দফীয়া দাবী পত্ৰ প্ৰেৰণ কৰে জিলা আমছুয়ে ।
Last Updated : Feb 3, 2023, 8:27 PM IST