AAMSU protests in Kharupetia: খাৰুপেটীয়াত মঙলদৈ কাণ্ডৰ বিৰুদ্ধে আমছুৰ প্ৰতিবাদ - খাৰুপেটীয়াত মঙলদৈ কাণ্ডৰ বিৰুদ্ধে আমছুৰ প্ৰতিবাদ
🎬 Watch Now: Feature Video
দলগাঁও,৪ জুন: দৰঙৰ মঙ্গলদৈৰ কৰিম চ'কস্থিত JNSM Polyclinic cum Diagnostic centre ত শনিবাৰে সংঘটিত হয় এক অমানৱীয় কাণ্ড । উত্থাপিত অভিযোগ অনুসৰি খাৰুপেটীয়াৰ নিজ বৰুৱাঝাৰ গাঁৱৰ আছাদুল্লাহ হক নামৰ ৰোগীগৰাকীক অস্ত্ৰোপচাৰৰ বাবে ভৰ্তি কৰা হৈছিল দৰঙৰ মঙ্গলদৈৰ চিকিৎসালয়খনত (AAMSU protests against Mangaldoi incident at Kharupetia) ।
কিন্তু চিকিৎসালয়খনৰ ডাঃ বিপ্লৱ বৰা নামৰ চিকিৎসক জনে অস্ত্ৰোপচাৰ কৰাৰ কেইঘণ্টামান পিছতে মৃত্যু হৈছিল ৰোগীজনৰ । ৰোগীজনৰ মৃত্যুক কেন্দ্ৰ কৰি হস্পিতালখনত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতিৰ । ডাঃ বিপ্লৱ বৰাৰ হেমাহী তথা ভুল চিকিৎসাৰ বাবে অস্ত্ৰোপচাৰৰ পিছতে ৰোগী জনৰ মৃত্যু হোৱাৰ অভিযোগ আমছুৰ (AAMSU protests in Kharupetia) ।
সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰি দোষিক শাস্তি প্ৰদানৰ দাবীৰে দৰং আমছুয়ে জিলাৰ আৰক্ষী অধীক্ষকক অভিযোগ দাখিলৰ কৰাৰ উপৰিও দেওবাৰে প্ৰতিবাদত উত্তাল কৰি খাৰুপেটীয়াৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ । ব্যক্তিগত চিকিৎসালয়খনৰ অনুজ্ঞাপত্ৰ বাতিল কৰক, ডাঃ বিপ্লৱ বৰাক গ্ৰেপ্তাৰ কৰক, দোষীক কৰায়ত্ত কৰক আদি শ্ল'গান দি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ প্ৰতিকৃতি দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৰাষ্ট্ৰীয় ঘাইপথত ।
TAGGED:
AAMSU protests in Kharupetia