Raha Love story: মৃত প্ৰেমিকা প্ৰাৰ্থনাৰ শিৰত সেন্দুৰ বুলালে বিতোপনে - Nagaon love story makes everyone emotional

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 19, 2022, 11:19 AM IST

Updated : Feb 3, 2023, 8:33 PM IST

প্ৰেমৰ বাবে যদি কবিতা ৰচনা হৈছে, প্ৰেমৰ বাবে আকৌ বহু গীত ৰচনা হৈছে । তাজমহলকে ধৰি বহু স্মৃতিৰ সাক্ষী প্ৰেম । বহু প্ৰেম চিৰযুগমীয়া হৈ ৰৈছে । ইয়াৰ মাজতে নগাঁও জিলাৰ ৰহাৰ এক প্ৰেম কাহিনীয়ে বুকু কঁপাই তুলিছে বহুতকে (Nagaon love story makes everyone emotional)। অন্তিম শয়নত শুই থকা প্ৰেমিকাক সেন্দুৰ পিন্ধাই হুকহুকাই কান্দিছে প্ৰেমিকে । হোমৰ জুইক সাক্ষী কৰি বিয়াখন পতাৰ দুয়োৰে বহুত হাবিয়াস আছিল যদিও সেই আশা পূৰণ নহ'ল চাপৰমুখৰ কচুৱাৰ প্ৰাৰ্থনা বৰা আৰু প্ৰেমিক বিতোপন তামুলীৰ (Prarthana Bitupan love story)। দীৰ্ঘদিনে জটিল ৰোগত ভূগি থকা প্ৰাৰ্থনাই ইতিমধ্যে বিদায় মাগিছে । কিন্তু মৃত্যুৰ পাছত হ'লেও প্ৰাৰ্থনাৰ আশা পূৰণ কৰিলে বিতোপনে । বিতোপনে প্ৰাৰ্থনাৰ কপালত ৰঙা সেন্দুৰ বুলাই দিছে । ডিঙিত দিছে বগা ফুলৰ মালা । পঞ্চভূতত বিলীন হোৱাৰ পূৰ্বে এনেদৰে বিতোপনে নিজৰ অৰ্ধাঙ্গিনী কৰি বিদায় দিলে প্ৰাৰ্থনাক । এই দৃশ্যই এতিয়া সকলোকে ভাবুক কৰি তুলিছে । কোনো ছবিৰ কাহিনী যেন লাগিলেও কিন্তু এয়াই সত্য আৰু বাস্তৱ । প্ৰাৰ্থনা আৰু বিতোপনৰ এই প্ৰেম কাহিনীয়ে হয়তো বহুতকে ভাবিবলৈ বাধ্য কৰিছে যে প্ৰেমৰ কেতিয়াও মৃত্যু নহয় ।
Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.