Man jumps into river: ডুমডুমা নৈত জাঁপ দিলে এজন লোকে - SDRF ৰ দল উপস্থিত

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 8:09 PM IST

তিনিচুকীয়া, 7 ছেপ্টেম্বৰ: তিনিচুকীয়া জিলাৰ ডুমডুমাত অঘটন সংঘটিত হৈছে ৷ বৃহস্পতিবাৰে উচ্চামাটি দলঙৰ পৰা ডুমডুমা নৈত জাঁপ দিয়ে এজন লোকে ৷ নৈত জাঁপ দিয়া লোকজন ডুমডুমা কুমাৰীপট্টীৰ চনু সাহা (35) বুলি জানিব পৰা গৈছে ।

অৱশ্যে লোকজনে কি কাৰণে নৈত জাঁপ দিলে এই কথা বৰ্তমানলৈকে জানিব পৰা হোৱা নাই  ৷ নৈত জাঁপ দিয়াৰ সময়ত চনু সাহাই মদ্যপান কৰি সুৰাসক্ত অৱস্থাত আছিল বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে ।  এই ঘটনা প্ৰত্যক্ষ কৰি স্থানীয় লোকে ততালিকে আৰক্ষীক খবৰ দিয়ে ৷ খবৰ লাভ কৰিয়েই সেইস্থানত আৰক্ষী, SDRF ৰ দল উপস্থিত হৈ ডুমডুমা নৈত উদ্ধাৰ অভিযান চলাইছে যদিও এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই চনু সাহাক ৷

লগতে পঢ়ক: Railway track blocked:যাত্ৰাবাহী ৰে’ল চলাচলৰ দাবীত ৰে’ল পথ অৱৰোধ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.