Horrific murder: সহ্যৰো এটা সীমা আছে...! পত্নী-কন্যাক নৃশংসভাৱে হত্যাৰ পিচত হত্যাকাৰীয়ে ক’লে এইদৰে
🎬 Watch Now: Feature Video
বৰপেটা, ১৩ অক্টোবৰ: বৰপেটাত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ড ৷ নিজ পত্নী-কন্যাৰ তেজেৰে হাত ৰাঙলী কৰিলে এজন ব্যক্তিয়ে ৷ কুঠাৰেৰে ঘপিয়াই হত্যা মাতৃ-কন্যাক ৷ হত্যাৰ বলি বিনীতা দাস আৰু হিয়া দাস ৷ বৰপেটাৰ গান্ধী নগৰত সংঘটিত হয় এই লোমহৰ্ষক হত্যাকাণ্ড ৷ ঋষভ দাস নামৰ ব্যক্তিজনে অতি নৃশংভাৱে ঘপিয়াই হত্যা কৰে পত্নী বিনীতা আৰু কন্যা হিয়া দাসক ৷ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰী আছিল হিয়া দাস ৷ ইতিমধ্যে ঘটনাস্থলীত বৰপেটা আৰক্ষী উপস্থিত হৈ গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত ঋষভ দাসক ৷ ঘটনাৰ খবৰ পায়েই বৰপেটাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহা ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত ৷ পাৰিবাৰিক সংঘাতৰ বাবেই ঘটনাতো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ৷
প্ৰথমতে পত্নীক ঘপিয়া ঋষভে ৷ মাতৃৰ অৱস্থা দেখি কন্যা হিয়া দাস আগবাঢ়ি আহি মাতৃক সাৱটি ধৰে ৷ তেনে অৱস্থাতে দুয়োকে সাৱটি থকা অৱস্থাতে দা আৰু পিচত কুঠাৰেৰে ঘপিয়াই হত্যা কৰে৷ বিনীতা দাসে স্থানীয় গান্ধী নগৰৰে এখন ডিপাৰ্টমেন্টেল ষ্টোৰত কাম কৰি কন্যাৰ সৈতে চলি আছিল৷
ঘটনাৰ সময়ত ঘৰখনত উপস্থিত আছিল হিয়া দাসৰ এগৰাকী বান্ধৱী আৰু বান্ধৱীগৰাকীৰ মাতৃ৷ বান্ধৱীগৰাকী আৰু মাতৃকো আক্ৰমণ চলোৱাৰ বাবে উদ্যত হৈছিল হত্যাকাৰী৷ অৱশ্যে ঘৰৰ ভিতৰত লুকাই কোনোমতে ৰক্ষা পৰে বান্ধৱীগৰাকী আৰু মাতৃ ৷ বান্ধৱীগৰাকীৰ মাতৃয়েই আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হয় ঘটনাস্থলীত ৷
উল্লেখ্য যে, প্ৰায় 4 বছৰ পূৰ্বে নিজৰ ভনীয়েক এগৰাকীকো দাৰে আক্ৰমণ কৰি হাতৰ আঙুলি কাটি দিছিল অভিযুক্ত ঋষভ দাসে ৷ বৰপেটাৰ গান্ধী নগৰত এখন ষ্টেচনেৰী দোকান আছে ঋষভ দাসৰ ৷ স্থানীয় লোকে জনোৱা মতে দীৰ্ঘদিন ধৰি পত্নীৰ সৈতে সম্পৰ্ক ভাল নাছিল অভিযুক্তগৰাকীৰ ৷
লগতে পঢ়ক: Mysterious murder in Khanapara: ৰহস্যঘন খানাপাৰাৰ হত্যাকাণ্ড; অঞ্জনৰ পত্নীৰ বিস্ফোৰক মন্তব্য