মোক জীয়াই থাকিবলৈ দিয়ক, মোৰ বহুত কাম কৰিবলৈ আছে...
🎬 Watch Now: Feature Video
জোনাই, 15 জানুৱাৰী : ভোগৰ উৎসৱ ভোগালীক লৈ ৰাজ্যজুৰি উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰাৰ সময়তে চিলাপথাৰৰ এখন ঘৰত দেখা গৈছে শোকাকুল পৰিৱেশ । এই যুৱকজন হ'ল চিলাপথাৰ চিলাবালি গাঁৱৰ অৰ্জুন গয়াৰীৰ পুত্ৰ হৰবিন্দ গয়াৰী (২৫)। যেনেতেনে পেটে ভাতে খাই থকা পৰিয়ালটোত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
স্থানীয় পূৰ্বাঞ্চল কলেজৰ পৰা স্নাতক হোৱা যুৱকজন সম্প্ৰতি যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈছে । ঘৰৰ একমাত্ৰ উপাৰ্জনক্ষম যুৱকজনৰ দেহত প্ৰায় এটা বছৰৰ পূৰ্বে ধৰা পৰিছিল প্ৰাণঘাটী ৰোগটো । ইতিমধ্যে পৰিয়ালটোৱে ঘৰৰ ভূমি বিক্ৰী কৰি ডিব্ৰুগড় আৰু গুৱাহাটীৰ লগতে বিভিন্ন স্থানত চিকিৎসা কৰিও কোনো সুফল লাভ কৰা নাই । ঘৰখনত জমা হৈছে জাপে জাপে চিকিৎসাল়য় আৰু চিকিৎসকৰ নথি-পত্ৰ। শেহতীয়াকৈ চিকিৎসকে যুৱকজনক উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ নিয়াৰ পৰামৰ্শ দিয়াৰ পৰাই মহা সমস্যাত পৰিছে পৰিয়ালটো ।
দুবেলা দুমুঠিৰ বাবে হাহাকাৰ কৰা দৰিদ্ৰ পৰিয়ালটোৱে ৰোগীক উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ নিয়াৰ কোনো সমৰ্থ নাই । উপায়ন্তৰ পৰিয়ালটোৱে বিহুৰ বতৰত হাতযোৰ কৰি চৰকাৰ আৰু শুভাকাংক্ষী ৰাইজৰ পৰা সহায় বিচাৰিছে । কোনো লোকে অৰ্থ সাহায্য আগবঢ়াব খুজিলে যুৱকজনৰ SBI চিলাপথাৰ কুলাজান শাখাত থকা--34284353981 (IFSC code : SBIN0008506) নম্বৰত অৰ্পণ কৰিব পৰিব । যুৱকজনৰ ফোন নম্বৰ 9101739128 ৷
লগতে পঢ়ক: মহানগৰীত ভোগালী বিহুৰ আনন্দ