A Documentary on Tiger:‘Guest of Kamakhya’ কি আছে এই বিশেষ ডকুমেণ্টৰীখনত ? - ডকুমেণ্টৰী

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 10:00 AM IST

কলিয়াবৰ, 31 অক্টোবৰ : জখলাবন্ধাত সংবাদকৰ্মীৰ প্ৰযোজনাত ‘Guest of Kamakhya’ শীৰ্ষক তথ্য চিত্ৰ মুকলি ৷ কলিয়াবৰীয়া ৰাইজে এসময়ত বাঘ ভেটি শক্তি আৰু ঐক্য প্ৰদৰ্শন কৰাই নহয়, বাঘ ভেটা কাৰ্যটোক এটা মহোৎসৱলৈ ৰূপান্তৰ কৰিছিল । চৰকাৰে বাঘক ৰাষ্ট্ৰীয় পশুৰ মৰ্যাদা দি বন্যপ্ৰাণী সংৰক্ষণ আইন প্ৰণয়ন কৰাৰ আগলৈকে কলিয়াবৰত সঘনে বাঘ ভেটি হত্যা কৰা হৈছিল ৷ কলিয়াবৰৰ কেইটামান অঞ্চল যেনে বৰভগীয়া, নলতলি, বাঘৰচুক, জমখলা, চিলাবন্ধা আৰু দেউৰী চিলাবন্ধাৰ ৰাইজৰ বাঘ ভেটাত উৎসাহ বেছিকৈ আছিল ৷ বাঘ ভেটাৰ বাবে চিলাবন্ধা গাঁৱৰ নাম অসমত জনাজাত ৷ চিলাবন্ধা অঞ্চলটোক কলিয়াবৰৰ ৰাইজে বাঘৰ বধ্যভূমি বুলি গণ্য কৰিছিল ৷ চিলাবন্ধা অঞ্চলত কেনেবাকৈ বাঘ যদি আহি সোমায়, সেই বাঘ আৰু উভতি যাব নোৱাৰে, ৰাইজে ভেটিবই ৷ এটা সময়ত বাঘৰ সংখ্যাও কমি আহিল, জনবসতি বৃদ্ধি হোৱাৰ বাবে কলিয়াবৰৰ বাঘ পিয়াপি দি ফুৰা অঞ্চলবোৰত বাঘৰ উপস্থিতি নোহোৱা হ’ল । কিন্তু শেহতীয়াকৈ কলিয়াবৰৰ শিলঘাটস্থিত কামাখ্যা মন্দিৰৰ আশে-পাশে কলিয়াবৰ চাহ-বাগিচা, কামাখ্যা গাঁৱত ঢেকীয়াপতীয়া বাঘৰ উপস্থিতি সঘনাই দেখা পোৱা গৈছে ।

অসমৰ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা বাঘৰ বিচৰণ পূৰ্বতকে কমিলেও কিন্তু এতিয়াও সেই স্থানত আছে বাঘ । এই ঐতিহ্যমণ্ডিত কলিয়াবৰৰ শিলঘাটৰ মহাবাহুৱে চৰণ ধুৱাই থকা ৰাজ্যৰ দ্বিতীয় শক্তিপীঠ শ্ৰীশ্ৰীকামাখ্যা দেৱালয়ৰ আলহী হৈছিলহি এটা ঢেকীয়াপতীয়া বাঘ । কামাখ্যা পাহাৰত দীৰ্ঘ সময়ৰ বাবে থিতাপি লোৱা সেই বিশেষ ঢেকীয়াপতীয়া বাঘটোৰ বিচৰণ শৈলীক লৈ ‘নামদাং’ ৰ প্ৰযোজনাত প্ৰস্তুত কৰি উলিওৱা এখনি তথ্যচিত্ৰ সোমবাৰে সন্ধিয়া এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত উন্মোচন কৰা হয় । তথ্যচিত্ৰখন উন্মোচন কৰে অতিৰিক্ত উপায়ুক্ত তথা কলিয়াবৰৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি লিজা তালুকদাৰে । জখলাবন্ধাৰ মিলন সংঘৰ সভা কক্ষত অনুষ্ঠিত উন্মোচনী অনুষ্ঠানৰ আৰম্ভণিতে এগছি বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি নৱীন বৰঠাকুৰে । ভাষণত তেওঁ গভীৰভাৱে প্ৰেৰণাদায়ক তথ্যচিত্ৰখনিয়ে দেশ বিদেশৰ পৰ্যটকক বিশেষভাৱে আকৰ্ষিত কৰিব বুলি আশা প্ৰকাশ কৰে । উল্লেখ্য যে, তথ্যচিত্ৰখনিৰ প্ৰযোজনা কৰিছে কলিয়াবৰ প্ৰেছ ক্লাবৰ সম্পাদক গৌতম কুমাৰ বৰাই আৰু পৰিচালনা ৰমেন বৰাৰ ৷

লগতে পঢ়ক : Tiger Caged: মৰিয়নীত ওলাল বনৰজা, চাবলৈ হেতাওপৰা ৰাইজৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.