খটখটী টিলাবস্থিত সাতদিনীয়াকৈ আৰম্ভ হৈছে শ্ৰীমদ্ভগৱত্গীতা কথা - শ্ৰীমদ্ভগৱত্গীতা কথা
🎬 Watch Now: Feature Video


Published : Dec 13, 2023, 10:32 PM IST
|Updated : Dec 14, 2023, 8:36 AM IST
ডিফু, 13 ডিচেম্বৰ : বিশ্ব শান্তিৰ উদ্দেশ্যৰে আজিৰে পৰা সাতদিনীয়াকৈ কাৰ্বি আংলঙৰ বোকাজান মহকুমাৰ অন্তৰ্গত খটখটী টিলাবস্তিত আৰম্ভ হৈছে শ্ৰীমদ্ভগৱত্গীতা কথা ৷ বুধবাৰে পুৱাৰে পৰা সাতদিনীয়াকৈ আৰম্ভ হৈছে এই শ্ৰীমদ্ভগৱত্গীতা কথা ৷
পুৱাৰ ভাগত প্ৰায় দুই শতাধিক ভক্তপ্ৰাণ ৰাইজে কলহ যাত্ৰাৰে শুভাৰম্ভ কৰে এই শ্ৰীমদ্ভগৱত্গীতা কথা মহাযজ্ঞৰ ৷ শ্ৰীমদ্ভগৱত্গীতা কথা মহাযজ্ঞৰ আজি প্ৰথম দিনা টিলাবস্তিৰ ভাগৱত কথা মণ্ডপৰ পৰা খটখটী ফৰেষ্ট গেট হনুমান মন্দিৰলৈকে এক কলহযাত্ৰা বাহিৰ কৰে ভক্তপ্ৰাণ ৰাইজে ৷ কলহ যাত্ৰাৰ পাচত মণ্ডপত আৰতী কৰে ভক্তপ্ৰাণ ৰাইজে ৷
20 ডিচেম্বৰলৈকে চলিব এই কাৰ্যসূচী ৷ এই অনুষ্ঠানত উপস্থিত থাকে স্বামী মহন্ত আচাৰ্য লক্ষৰাম জি মহাৰাজৰ লগতে ভাগৱত সেৱা সমিতিৰ সভানেত্ৰী, সম্পাদিকাসহ প্ৰায় দুই শতাধিক ৰাইজ ৷
লগতে পঢ়ক : কেদাৰনাথত এতিয়া কেৱল তুষাৰপাত, যেন এখন শুভ্ৰ ছাদৰ !