Flood in Assam : কলাজল নদীৰ বাঢ়নি পানীত নিখোঁজ বাইহাটা চাৰিআলিৰ ৰমেশ ডেকা

By

Published : Jun 22, 2023, 9:10 AM IST

Updated : Jun 22, 2023, 10:00 AM IST

thumbnail

বাইহাটা চাৰিআলি, 22 জুন : বছৰৰ প্ৰথমটো বানত জুৰুলা হৈছে ৰাজ্যবাসী ৷ বুৰ গৈছে ৰাজ্যৰ অধিকাংশ জিলা ৷ ইখনৰ পাচত সিখনকৈ নৈৰ বক্ষ উফন্দি উঠিছে ৷ ইয়াৰ মাজতে কামৰূপ গ্ৰাম্যৰ বাইহাটা চাৰিআলিত সংঘটিত হৈছে এক অঘটন ৷ বাৰিষাৰ প্ৰথমটো বানত বাইহাটা চাৰিআলিত এজন লোক নিখোঁজ হোৱাৰ তথ্য লাভ কৰা হৈছে ।

স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, মঙলবাৰে নিশা কৰ্মস্থলীৰ পৰা ঘৰৰ অভিমুখে আহি আছিল বাইহাটা চাৰিআলিৰ 2 নং দগাঁৱৰ ৰমেশ ডেকা (60) ৷ নিশা পথত পানী বাঢ়ি যোৱাত দগাঁৱৰে এঘৰ লোকৰ ঘৰত নিজৰ দুচকীয়া বাহনখন থৈ খোজকাঢ়ি ঘৰলৈ বুলি ৰাওনা হৈছিল ৷ কিন্তু নিশা বহু সময়লৈকে ঘৰত উপস্থিত নোহোৱাত চিন্তিত হৈ পৰে ৰমেশ ডেকাৰ পৰিয়ালৰ লোক ৷ তাৰ পাচতে আৰম্ভ কৰে বিচাৰ খচাৰ ৷

মঙলবাৰে নিশা কৰ্মস্থলীৰ পৰা ঘৰৰ অভিমুখে আহি থকা অৱস্থাত ৰমেশ ডেকাক কলাজল নদীয়ে সৃষ্টি কৰা বানত উটি যোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে ৷ বুধবাৰে পুৱাৰে পৰা এছ ডি আৰ এফে উদ্ধাৰ অভিযান চলাই আছে যদিও বাতৰি যুগুত কৰা পৰলৈকে উদ্ধাৰ হোৱা নাই নিখোঁজ ৰমেশ ডেকা ।

লগতে পঢ়ক : Flood in Assam: ৰাজ্যত বানৰ কবলত লক্ষাধিক লোক; পৰিস্থিতি ভয়ংকৰ হোৱাৰ আশংকা

Last Updated : Jun 22, 2023, 10:00 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.