Heroine Seized : 20 কোটি টকাৰ হেৰ’ইন সহ আটক 5 সৰবৰাহকাৰী - ড্ৰাগছ মাফিয়া
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/22-06-2023/640-480-18822107-thumbnail-16x9-heroin.jpg)
কৰিমগঞ্জ, 22 জুন : ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ কৰিমগঞ্জ আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযানত বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে ৷ অসম মিজোৰাম সীমান্ত নীলকান্তপুৰত কৰিমগঞ্জ জিলাৰ নতুন আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসৰ অধীনত চলা অভিযানত 20 কোটি টকাৰ হেৰ’ইনসহ 5 টা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷
আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে জানিবলৈ দিয়া মতে, এক বিশেষ তথ্য অনুসৰি তেওঁ অসম সীমান্ত পথেৰে মিজোৰামৰ পৰা কৰিমগঞ্জ জিলাৰ অচিমগঞ্জ অঞ্চললৈ ড্ৰাগছ মাফিয়াৰ এটা দলে হেৰ’ইন লৈ আহিব বুলি আগতীয়াকৈ তথ্য লাভ কৰিছিল ৷ 250 টা চাবোনৰ বাকচত মেৰিয়াই থোৱা অৱস্থাত 3 কেজি আৰু 2 গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে ৷ আটকাধীন সৰবৰাহকেইটাৰ মাজত কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি থানা অঞ্চলৰ তিনি যুৱকৰ লগত ত্ৰিপুৰাৰ দুই যুৱকো আছে ৷
ইয়াৰে তিনিটাৰ নাম দক্ষিণ কেউটি গাঁৱৰ তালাব হুছেইন (22), আছলকান্দি গাঁৱৰ তাহিৰ আহমেদ (20) আৰু খালেদ হুছেইন (22) বুলি জানিব পৰা গৈছে ৷ মিজোৰামৰ পৰা এই ড্ৰাগছখিনি সংগ্ৰহ কৰি অন্য ঠাইলৈ সৰবৰাহৰ উদ্দেশ্যে অনা হৈছিল বুলি জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: Theft at Mangaldoi: চোৰৰ মাহ মাহজোৰা পৰিশ্ৰম, উদ্ধাৰ প্ৰায় 100 বিধ চুৰি সামগ্ৰী