thumbnail

By ETV Bharat Assamese Team

Published : Nov 13, 2023, 7:27 AM IST

ETV Bharat / Videos

Karate Do Championship: হোজাইত তৃতীয় বাৰ্ষিক প্ৰণৱ দত্ত সোঁৱৰণী মুকলি কাৰাটে-ডু প্ৰতিযোগিতা

হোজাই, 13 নৱেম্বৰ : হোজাই জিলাখনৰ সদৰ শংকৰদেৱ নগৰৰ শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি বিকাশ কেন্দ্ৰৰ মুকলি প্ৰেক্ষাগৃহত অহা 18 আৰু 19 নৱেম্বৰত দুদিনীয়াকৈ অনুষ্ঠিত হ'ব ৰাজ্যিক ভিত্তিত তৃতীয় বাৰ্ষিক প্ৰণৱ দত্ত সোঁৱৰণী মুকলি কাৰাটে-ডু প্ৰতিযোগিতা ৷ প্ৰণৱ দত্ত সোঁৱৰণী কাৰাটে-ডু এছ'চিয়েছনৰ উদ্যেগত অনুষ্ঠিত হ'বলগা প্ৰতিযোগিতাখনিৰ বাবে ইতিমধ্যে আয়োজক সমিতিয়ে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। কেইবাটাও পৰ্যায়ত অনুষ্ঠিত হ'বলগা মেগা প্ৰতিযোগিতাখনিৰ বাবে ইতিমধ্যে বহু প্ৰতিযোগীয়ে অনলাইনযোগে যোগদান কৰিছে ৷ 

অহা 15 নৱেম্বৰলৈকে প্ৰতিযোগীসকলে যোগদান কৰিব পৰাকৈ অনলাইন ব্যৱস্থা খোলা থাকিব বুলি জনাইছে উদ্যেক্তাসকলে। সংবাদমাধ্যমৰ যোগেদি প্ৰতিযোগিতাখনিৰ বাবে আগ্ৰহীসকলক খেলত যোগদান কৰিবলৈ আহ্বান জনাইছে ৷ হোজাই জিলাৰ শংকৰদেৱ নগৰত প্ৰথমবাৰৰ বাবে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে ৷

লগতে পঢ়ক: Fasal Bima Yojana in Assam : অসমত ব্যৰ্থ প্রধানমন্ত্রী ফচল বীমা যোজনা; বৃদ্ধি পাইছে কৃষকৰ অনীহা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.