Food Poison: বুটমাহ খাই বিষক্ৰিয়া হৈ ৩৮ গৰাকী অসুস্থ - মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/21-09-2023/640-480-19571598-thumbnail-16x9-boita.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 21, 2023, 5:58 PM IST
নলবাৰী, ২১ ছেপ্টেম্বৰ : নলবাৰীৰ ২নং জয়সাগৰত খাদ্যত বিষক্ৰিয়া হৈ বহুতো লোক অসুস্থ হয় ৷ এতিয়ালৈকে গাঁওখনৰ ৩৮ গৰাকী লোক অসুস্থ হৈ মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈছে বুলি জানিব পৰা গৈছে ।
ঘটনাৰ বিৱৰণী অনুসৰি, বুধবাৰে গাঁৱৰে এজন লোকৰ ঘৰত এক অনুষ্ঠানৰ আয়োজন কৰিছিল ৷ গাঁৱৰ সকলো লোকে লোকজনৰ ঘৰতেই আহাৰ গ্ৰহণ কৰিছিল ৷ তেওঁলোকে সেই অনুষ্ঠানত বুটমাহো খাইছিল ৷ আহাৰ গ্ৰহণ কৰাৰ পিচতে গাঁৱৰ লোকসকল জ্বৰ, বমি, শৌচত আক্ৰান্ত হয় ৷ লগে লগে লোকসকলৰ মাজত হুৱা-দুৱা পৰিস্থিতিৰ সৃষ্টি হয় ৷
চিকিৎসাধীন লোকসকলক পৰীক্ষা কৰি চিকিৎসকে বুটমাহৰ পৰা বিষক্ৰিয়া হৈ লোকসকল অসুস্থ হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে। অসুস্থ হোৱা লোকসকলৰ পৰা নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে লেবৰেটৰীলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰা বুলি জানিব দিয়ে মুকালমুৱা মহকুমা স্বাস্থ্য খণ্ডৰ মহকুমা স্বাস্থ্য বিষয়া ডাঃ প্ৰদীপ চন্দ্ৰ দাসে।
লগতে পঢ়ক: Chain snatchers: মহিলাৰ ডিঙিৰ চেইন থপিয়াওঁতেই ৰাইজৰ ৰোষত পৰিল চিলনী চোৰ