Dhekiakhowa Bornaamghar: ভাদ মাহৰ দ্বিতীয়টো দেওবাৰত ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ ভিৰ

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 2:49 PM IST

thumbnail

টীয়ক,২৭ আগষ্ট: আজি পবিত্ৰ ভাদ মাহৰ দ্বিতীয়টো দেওবাৰ । বন্ধ বাৰ উপলক্ষে দেওবাৰৰ দিনটোত অসমৰ বিভিন্ন প্ৰান্তৰ ভকত-বৈষ্ণৱে পুৱাৰে পৰা পূব যোৰহাটৰ টীয়ক সমষ্টিৰ অন্তৰ্গত মাধৱদেৱ প্ৰতিষ্ঠিত ঐতিহাসিক পীঠ ঢেকীয়াখোৱা বৰনামঘৰত ভিৰ কৰা পৰিলক্ষিত হৈছে । দুৰ-দুৰনিৰ পৰা ভকত বৈষ্ণৱে আধ্যাত্মিক ৰীতি-নীতি অৱলম্বন কৰি হাতে হাতে ধূপ-চাকি, শৰাই-নৈবদ্য লৈ নেদেখাজনৰ চৰণত সেৱা লোৱা পৰিলক্ষিত হয় ।  

ইফালে বৰনামঘৰত নামঘৰ পৰিচালনা সমিতিয়ে ভাদ মাহত প্ৰতিবছৰৰ দৰে এইবাৰো মাহজোৰা যি পালনাম আয়োজন কৰিছে তাতো ভকত-বৈষ্ণৱে অংশগ্ৰহণ কৰা দেখা যায় । উল্লেখযোগ্য যে জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজ অসমীয়া জাতীয় সাজপাৰ পৰিধান কৰি নামঘৰলৈ আহি পালনামত অংশগ্ৰহণ কৰে ।  

আনহাতে প্ৰতিদিনে হাজাৰ হাজাৰ ভকত-বৈষ্ণৱৰ আগমনক লৈ ভক্তসকলৰ যাতে অহা-যোৱা, থকা-খোৱা বা অনান্য কোনো ক্ষেত্ৰতে অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে এতিয়া নামঘৰ পৰিচালনা সমিতি, স্থানীয় ৰাইজ তথা জিলা-প্ৰসাশনকে ধৰি স্থানীয় বহু সামাজিক অনুষ্ঠানে সহায়-সহযোগিতা আগবঢ়াই আহিছে । 

লগতে পঢ়ক: Pathetic road condition: পথৰ জ্বালাই যাতনা ভোগাইছে জোনাইৰ একাংশ লোকক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.