Cattle Smuggling: ৰহাৰ শালমাৰাত স্থানীয় ৰাইজে জব্দ কৰিলে অবৈধ গৰু ভৰ্তি বাহন - ৰহাৰ শালমাৰাত ৰাইজে জব্দ কৰিলে অবৈধ গৰু ভৰ্তি বাহন
🎬 Watch Now: Feature Video


Published : Aug 26, 2023, 5:15 PM IST
ৰহা, 26 আগষ্ট : নিতৌ ন ন কৌশলৰে ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ । ৰহাৰ শালমৰাত শনিবাৰে সচেতন ৰাইজৰ তৎপৰতাত 13 টাকৈ চোৰাং গৰু পোৱালিসহ দুজনক আটক কৰিছে ৷ ধৃত সৰবৰাহকাৰীকেইটা আব্দুল ৰচিদ আৰু বাবুল ইছলাম ৷
জানিব পৰা মতে, AS-02-CC-0784 নম্বৰৰ এখন বলেৰ' পিক আপ বাহন নগাঁও পৰা গুৱাহাটী অভিমুখে আহি আছিল ৷ তেনে সময়তে ৰাইজৰ সন্দেহ হোৱাত তেওঁলোকে বাহনখনত তালাচী চলায় ৷ বাহনখনৰ ওপৰ ভাগত তামোলৰ বাকলি ভৰা বস্তাৰে ঢাকি থোৱা আছিল ৷ কিন্তু তলত তক্তা পাৰি গাড়ীৰ ভিতৰত 13 টাকৈ গৰু পোৱালি অভিনৱ কৌশলৰে আনিছিল ৷ লগে লগে ৰাইজে বাহনখনৰ চালক,হেণ্ডিমেনসহ গৰু ভৰ্তি বাহনখন আটক কৰি আৰক্ষীক গতাই দিয়ে ৷ সৰবৰাহকাৰীয়ে উক্ত গৰুকেইটা ৰূপহীৰ কাৱৈমাৰিৰ পৰা মেঘালয়লৈ সৰবৰাহ কৰিবলৈ চেষ্টা চলাইছিল বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক:Businessman attacked in Nagaon: নগাঁৱত ব্যৱসায়ীক ছুৰীকাঘাত দুৰ্বৃত্তৰ; কেমেৰাত বন্দী আক্ৰমণৰ দৃশ্য