গোলাঘাট এমেচাৰ থিয়েটাৰ ছ'চাইটিৰ প্ৰতিষ্ঠা দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান - গোলাঘাট
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/25-11-2023/640-480-20114801-thumbnail-16x9-vkx.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Nov 25, 2023, 10:53 PM IST
গোলাঘাট, 25 নৱেম্বৰ : ১২৯ টা বসন্ত গৰকিলে গোলাঘাট নগৰৰ মাজমজিয়াত অৱস্থিত এমেচাৰ থিয়েটাৰ ছ’চাইটিয়ে । এই উপলক্ষে শনিবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় প্ৰতিষ্ঠা দিৱস । প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পাচত সন্ধিয়া অনুষ্ঠিত কৰা হয় মুকলি সভা আৰু বঁটা প্ৰদান অনুষ্ঠানৰ ।
চ’চাইটিৰ সভাপতি ড৹ অজিত বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত প্ৰত্যেক বছৰৰ দৰে এই বছৰো অসমৰ বিশিষ্ট নাট্যশিল্পী সীমান্ত ফুকনক হৰিপদ চেতিয়া ৰাজ্যিক বঁটা ২০২৩, বিশিষ্ট নাট্যশিল্পী হৰিপ্ৰসাদ বৰঠাকুৰক গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটি বঁটা ২০২৩, প্ৰিনাক্ষী প্ৰিয়া দত্ত আৰু কক্ষয়া ৰণধীৰক উদীয়মান শিল্পী বঁটা প্ৰদান কৰা হয় ।
আজিৰ এই বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে ড৹ অৰূপ বৰঠাকুৰ, জিলা উন্নয়ন আয়ুক্ত অৰৰ্পা বাগলাৰী, গোলাঘাট পৌৰসভাৰ পৌৰপতি দুলুমণি বৰবৰাকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য-মান্য ব্যক্তি ।
লগতে পঢ়ক : সৰুপথাৰৰ কৰ্দ্দৈগুৰিত লাচিত বৰফুকনক সোঁৱৰণ