Cultural event in Odisha: মালয়াবান্তা মহোৎসৱত পদপিষ্ট হৈ আহত ১০ - মালয়াবান্তা মহোৎসৱত পদপিষ্ট হৈ আহত ১০

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 18, 2023, 3:42 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

ওডিশাত মঙলবাৰে সন্ধিয়া পদপিষ্ট হৈ গুৰুতৰভাৱে আহত হয় প্ৰায় ১০ জন লোক (Stampede during a Cultural Function) ৷ ওডিশাৰ মালকানগিৰি জিলাত আয়োজিত এক সাংস্কৃতিক অনুষ্ঠানৰ সময়ত সংঘটিত হয় এই ঘটনা ৷ আহতসকলক ততাতৈয়াকৈ স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ ইয়াৰে তিনিজনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷

ওডিশা আৰক্ষীয়ে বুধবাৰে জনোৱা মতে, ওডিশাৰ মালকানগিৰি জিলাৰ মালয়াবান্তা মহোৎসৱত সংঘটিত হয় এই শোকাৱহ ঘটনাা(Malyabanta Mahotsav in Odisha) ৷ ওডিশাৰ ডিএনকে গ্ৰাউণ্ডত আয়োজন কৰা হৈছিল এই মহোৎসৱৰ ৷ প্ৰায় ২০,০০০ লোকৰ সমাগমৰ ব্যৱস্থা কৰা হৈছিল এই মহোৎসৱত ৷ কিন্তু মঙলবাৰে মহোৎসৱৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰাৰ বাবে প্ৰায় ৪০,০০০ লোকৰ সমাগম হৈছিল ৷

যাৰ বাবে সাংস্কৃতিক অনুষ্ঠানৰ মাজতে পদদলিত হৈ কমেও প্ৰায় ১০ জন লোক আহত হয় । আৰক্ষী আৰু উদ্যোক্তাসকলৰ তৎপৰতাত তেওঁলোকক ততাতৈয়াকৈ জিলা সদৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ এই ঘটনাত মহিলসহ তিনিজন লোকক সৎকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ৷

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা তিনিগৰাকীৰে অৱস্থা বৰ্তমান সুস্থিৰ ৷ আনহাতে এই ঘটনাৰ তদন্ত বৰ্তমান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.