COVID-19: বিশ্বৰ ভিন্ন দেশৰ শেহতীয়া পৰিসংখ্যা - বিশ্বৰ ভিন্ন দেশত COVID-19ৰ শেহতীয়া পৰিসংখ্যা
🎬 Watch Now: Feature Video
2 জুলাইৰ দিনটোত বিশ্বৰ ভিন্ন প্ৰান্তত 2,15,603 গৰাকী লোকৰ দেহত পোৱা গৈছে COVID-19ৰ অৱস্থিতি ৷ ইয়াৰ লগে লগে বৃহস্পতিবাৰলৈ সমগ্ৰ বিশ্বতে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে 1,07,93,359 গৰাকীলৈ ৷ উল্লেখ্য যে, একেটা দিনতে এই মহামাৰীৰ ফলত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যাও বৃদ্ধি পালে 5,18,046 গৰাকীলৈ ৷ বৃহস্পতিবাৰৰ দিনটোত সমগ্ৰ বিশ্বতে 4,860 গৰাকী লোকে সাৱটি লৈছে মৃত্যুক ৷ বৰ্তমানলৈ সৰ্বাধিক COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা পোৱা গৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত ৷ দেশখনত মুঠ 27,78,467 গৰাকী লোক আক্ৰান্ত হৈছে COVID-19ত ৷ ইয়াৰ সমান্তৰালকৈ ব্ৰাজিল আৰু ৰাছিয়া আছে আক্ৰান্তৰ ক্ষেত্ৰত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত ৷ ব্ৰাজিলত এই পৰ্যন্ত 14,53,369 গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে, ৰাছিয়াত আক্ৰান্ত হৈছে 6,54,405 গৰাকী লোক ৷ বিশ্বৰ ভিন্ন দেশত COVID-19ৰ সাম্প্ৰতিক স্থিতি সম্পৰ্কে জানিবলৈ চাওক এই প্ৰতিবেদন...