Mysterious death of youth at Tezpur: তেজপুৰত ৰহস্য়জনক অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ - Youths body recovered at Tezpur
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-17194819-1046-17194819-1670932241513.jpg)
তেজপুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ! তেজপুৰত ভাড়াঘৰৰ কোঠাত এজন যুবকৰ মৃতদেহ উদ্ধাৰৰ ঘটনাই চহৰখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে (Youths body recovered at Tezpur) ৷ তেজপুৰৰ নিকটৱৰ্তী পাৰ্বতী নগৰৰ হেম বৰা নামৰ লোকজনৰ ভাড়াঘৰত আছিল চন্দন পাল নামৰ এজন যুৱক । চন্দন পালৰ বন্ধু তপন বৰা যুৱকজনৰ কোঠালৈ প্ৰায়ে আহিছিল ৷ আজি পুৱা চন্দন কোঠাৰ ভিতৰৰ পৰা নোলোৱাত স্থানীয় লোকৰ সন্দেহ ওপজে ৷ ইয়াৰ পিছতে স্থানীয় ৰাইজে দুৱাৰ খোলাত চন্দনৰ মৃতদেহ প্ৰতক্ষ কৰে (Alligation of youth murder at Tezpur) ৷ যুৱকজনৰ পৰিয়ালৰ লোকে তপন নামৰ যুৱকজনে হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৷ আনহাতে, চুবুৰীয়াৰ ভাষ্য় মতে যুবকজনৰ কোঠাত ড্ৰাগছৰ খালি কণ্টেনাৰ প্ৰত্য়ক্ষ কৰা হৈছে । দুই বন্ধুৱে নৈশ ভোজত অংশ লোৱাৰ পিছত হত্য়া কৰাৰ সন্দেহ কৰিছে পৰিয়ালৰ লোকে।
Last Updated : Feb 3, 2023, 8:35 PM IST