Student Missing at Kaliabar: কলিয়াবৰৰ জগদম্বাত এসপ্তাহে সন্ধানহীন কিশোৰ - Bagri Police Station
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16856432-495-16856432-1667796740084.jpg)
কলিয়াবৰৰ জগদম্বাত এসপ্তাহে সন্ধানহীন হৈ আছে এজন ১৬ বছৰীয়া কিশোৰ (Student missing at Jagadamba in Kaliabar) । জগদম্বা চাহ বাগিচাৰ দেৱ তাঁতী আৰু কুসুম তাঁতীৰ একমাত্ৰ পুত্ৰ উজ্জ্বল তাঁতী যোৱা ১ নৱেম্বৰৰ সন্ধিয়া ৬.৩০ বজাৰ পৰাই সন্ধানহীন হৈ আছে (Teen missing at Jagdamba Tea Estate)। পৰিয়ালৰ লোকে কিশোৰজনৰ বিচাৰ-খোচাৰ কৰিছে যদিও কোনো সন্ধান উলিয়াব পৰা নাই । সেয়েহে এতিয়া হাতত ফটো লৈ পিতৃ-মাতৃয়ে বিচাৰি ফুৰিছে উজ্বলক । উজ্জ্বলৰ সন্ধান লাভ নকৰাত চিন্তিত পিতৃ-মাতৃয়ে ইতিমধ্য়ে স্থানীয় বাগৰি আৰক্ষী চকীত এই সন্দৰ্ভত দাখিল কৰিছে এজাহাৰ (Bagri Police Station) । কোনো ব্যক্তিয়ে সন্ধানহীন ছাত্ৰজনৰ সম্ভেদ লাভ কৰিলে ৯৩৯৪১২২৬৩১ আৰু ৭০৮৬৫৭৭০৪১ নম্বৰত যোগাযোগ কৰিবলৈ পিতৃ-মাতৃয়ে আহ্বান জনাইছে ।
Last Updated : Feb 3, 2023, 8:31 PM IST