thumbnail

By

Published : Nov 16, 2022, 10:06 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

ETV Bharat / Videos

Demanding seat reservation for tribal: জনজাতিৰ বাবে আসন সংৰক্ষণৰ দাবী তিৱা সংগঠনৰ

মৰিগাঁৱত ৪টা তিৱা সংগঠনে ৰহা, মৰিগাঁও, জাগীৰোড বিধানসভা সমষ্টিক জনজাতিৰ বাবে সংৰক্ষণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে (Tiwa organization protest at Marigaon) । এই সংগঠনকেইটাই ৫ ঘণ্টীয়া প্ৰতীকি অনশন ধৰ্মঘট ৰূপায়ণ কৰে (Tiwa organization demand for Reservation ) । তিনিটাকৈ দাবী ৰূপায়নৰ বাবে সদৌ তিৱা ছাত্ৰ সন্থা, তিৱা যুৱ ছাত্ৰ পৰিষদ, সদৌ তিৱা সুৰক্ষা সমিতি আৰু ঐতিহাসিক তিৱা ৰাজদৰবাৰে যৌথভাৱে সদৌ তিৱা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত এইদৰে ৰূপায়ণ কৰিলে প্ৰতীকি অনশন । তেওঁলোকে তিৱা স্বায়ত্ব পৰিষদক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচিকৰণৰ প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰলৈ অতিশীঘ্ৰে প্ৰেৰণ কৰি এক ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিবলৈ দাবী জনায় । তদুপৰি অসম বিধানসভাৰ সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি নগাঁও জিলাত এখন আৰু মৰিগাঁও জিলাত দুখন জনজাতিৰ বাবে আসন সংৰক্ষণ কৰিবলৈ দাবী উত্থাপন কৰে । অসম ৰাজ্যিক ৰাজধানী সম্প্ৰসাৰণ আইন, ২০১৭ সংৰক্ষিত খণ্ড-বেষ্টনী আৰু তিৱা স্বায়ত্ব পৰিষদ এলেকাৰ পৰা অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰিবলৈও এই সংগঠনকেইটাই দাবী জনায় ।
Last Updated : Feb 3, 2023, 8:32 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.