ETV Bharat / sports

অপ্ৰতিৰোধ্য ভাৰত; মহিলা হকী এছিয়ান চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত উপনীত

India vs Japan hockey: মহিলা হকী এছিয়ান চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত ভাৰত ৷ লীগৰ এখন মেচত ভাৰতৰ হাতত 3-0 ত পৰাস্ত জাপান ৷

Hockey Asian Champions Trophy 2024
ভাৰতীয় মহিলা হকী দল (IANS Photo)
author img

By ETV Bharat Sports Team

Published : 2 hours ago

স্প’ৰ্টছ ডেস্ক: বিহাৰৰ ৰাজগীৰত অনুষ্ঠিত মহিলা এছিয়ান চেম্পিয়নছ ট্ৰফী হকী টুৰ্ণামেণ্টৰ লীগ পৰ্যায়ত শীৰ্ষস্থান দখল ভাৰতৰ ৷ লীগ পৰ্যায়ৰ এখন মেচত ভাৰতে জাপানক 3-0 গ’লত পৰাস্ত কৰি ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰে ।

ভাৰতে লীগ পৰ্যায়ত 5 খন মেচ জিকি সৰ্বাধিক 15 পইণ্টৰ সৈতে পইণ্ট তালিকাৰ শীৰ্ষস্থানত উপনীত হৈছে ৷ অলিম্পিকৰ ৰূপৰ পদক বিজয়ী চীনতকৈ (12) আগত আছে ভাৰতীয় দলটো ।

মঙলবাৰে ছেমি ফাইনেলত ভাৰতে চতুৰ্থ স্থানত থকা জাপানৰ সৈতে পুনৰ মুখামুখি হ'ব ৷ আনহাতে, চীনে অন্তিম চাৰিৰ দ্বিতীয়খন খেলত তৃতীয় স্থানত থকা মালয়েছিয়াৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ৷

প্ৰতিযোগিতাখনত ভাৰতৰ হৈ দীপিকাই (47 আৰু 48 মিনিট) ত দুটা গ'ল প্ৰদান কৰে ৷ আনহাতে, দলটোৰ সহ অধিনায়ক নৱনীত কৌৰে 37 মিনিটত ভাৰতৰ হৈ আন এটা গ’ল কৰে । ভাৰতে আৰম্ভণিৰে পৰাই মেচখনত আধিপত্য বিস্তাৰ কৰি প্ৰথম কোৱাৰ্টাৰত আক্ৰমণাত্মক খেল প্ৰদৰ্শন কৰে ৷ অৱশ্যে বিপক্ষৰ খেলুৱৈসকলেও উন্নত প্ৰদৰ্শন দাঙি ধৰে ৷

মেচখনত জাপানৰ গ’লৰক্ষক য়ু কুডোৱে যথেষ্ট উন্নত প্ৰদৰ্শন দাঙি ধৰে ৷ খেলুৱৈগৰাকীয়ে ভাৰতৰ কেইবাটাও গ’ল প্ৰদানৰ বাবে কৰা চেষ্টাক প্ৰতিৰোধ কৰাত সক্ষম হয় য়ু কুডো ৷ দ্বিতীয় কোৱাৰ্টাৰত কুডোৱে একেৰাহে 3 টা গ’লক বাধা দি ভাৰতৰ অগ্ৰগতিক বাধা প্ৰদান কৰে ৷

চীনৰ বিৰুদ্ধে কৰা প্ৰদৰ্শনৰ দৰে ভাৰতে হাফ টাইমৰ বিৰতিৰ পিছত খেলখনত কৰিছিল প্ৰত্যাৱৰ্তন । বৃত্তৰ ঠিক বাহিৰত ফ্ৰী হিট টো জিকাৰ পিছত নৱনীতে লালৰেমচিয়ামীৰ পৰা বলটো লৈ বৃত্তত প্ৰৱেশ কৰে আৰু কুডোক পৰাস্ত কৰিবলৈ শক্তিশালী ৰিভাৰ্চ হিট অৰ্জন কৰে ৷ যাৰ ফলত ভাৰতে মেচখনত লাভ কৰে অগ্ৰগতি ।

অন্তিম কোৱাৰ্টাৰত ভাৰতে কেইটামান পেনাল্টি কৰ্ণাৰ লাভ কৰে আৰু সুযোগ হেৰুওৱা স্বত্বেও দীপিকাই 47 আৰু 48 মিনিটত দুবাৰকৈ গ’ল কৰিবলৈ সক্ষম হয় ।

দিনটোৰ আন খেলসমূহত মালয়েছিয়াই থাইলেণ্ডক 2-0 গ'লত আৰু চীনে দক্ষিণ কোৰিয়াক 2-0 গ'লত পৰাস্ত কৰে ।

লগতে পঢ়ক: চক দে ইণ্ডিয়া: এছিয়ান মহিলা হকী চেম্পিয়নশ্বিপত ভাৰতৰ বিৰুদ্ধে পৰাস্ত চীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.