thumbnail

Students Field Study at Karbi Anglong: কাৰ্বি আংলঙত পৰিৱেশ বিষয়ক ক্ষেত্ৰ অধ‍্যয়ন

By

Published : Jan 2, 2023, 1:45 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

পৰিৱেশ অধ্যয়ন হৈছে বিভিন্ন জটিল সমস্যা সমাধানৰ অৰ্থে পৰিৱেশ আৰু মানুহৰ মাজৰ পাৰস্পৰিক ক্ৰিয়াসমূহৰ অধ্যয়ন (Environmental studies)। পৰিৱেশ অধ্যয়নত প্ৰাকৃতিক পৰিৱেশ, মানৱ সৃষ্ট পৰিৱেশ আৰু ইয়াৰ মাজত থকা সম্বন্ধ অধ্যয়ন কৰা হয় । অতি সম্প্ৰতি এই অধ্যয়নত ছাত্ৰ-ছাত্ৰীকো জড়িত কৰিবলৈ বিদ‍্যালয়ৰ পৰা ক্ষেত্ৰ অধ‍্যয়নৰ ব্য়ৱস্থা কৰা হৈছে । ইয়াৰে অংশৰূপে কাৰ্বি আংলং জিলাৰ পাহাৰত কলিয়াবৰ মহকুমাৰ সীমামূৰীয়া ৰঙাগৰা উচ্চ মাধ‍্যমিক বিদ‍্যালয়ৰ এদল ছাত্ৰ-ছাত্ৰীয়ে পৰিৱেশ বিষয়ক এক ক্ষেত্ৰ অধ‍্যয়ন চলালে (Field study of Rangagra high school)। যোৱাটো বছৰৰ শেষৰ দিনটোত হাবিয়নীৰ একা-বেকা লুংলুঙীয়া বাটেৰে পাহাৰীয়া জুৰিৰ পানীৰ মাজেৰে যাত্ৰাৰ অংশীদাৰ হ'ল এইসকল ছাত্ৰ-ছাত্ৰী (Students Field Study at Karbi Anglong) । বিদ‍্যালয়খনৰ সহকাৰী শিক্ষকসকলৰ সহযোগত প্ৰধান শিক্ষক মুৰুলী বৰাৰ নেতৃত্বত ছাত্ৰ-ছাত্ৰীসকলে বিদ‍্যায়তনিক শিক্ষাৰ লগতে ব‍্যৱহাৰিক জ্ঞান লাভ কৰে ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.