Assam Physic Alliance: স্থানীয় খেলুৱৈক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুযোগ দিয়াৰ পৰিকল্পনা ফিজিক এলায়েন্সৰ - Assam Physic Alliance

🎬 Watch Now: Feature Video

thumbnail

By

Published : Dec 28, 2022, 1:02 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

শৰীৰ চৰ্চাৰ লগত জড়িত খেলুৱৈসকলক লৈ এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চ প্ৰস্তুত কৰাৰ বাবে বৰপেটা জিলা ফিজিক এলায়েন্স নামৰ সংগঠনটোৱে এক পৰিকল্পনা যুগুত কৰিছে (Fitness programme at Barpeta)। যোৱা মঙলবাৰে বৰপেটা প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰে সংগঠনটোৰ বিষয়ববীয়াসকলে ৷ ইণ্ডিয়ান ফিজিক এলায়েন্সৰ দ্বাৰা স্বীকৃতপ্ৰাপ্ত অসম ফিজিক এলায়েন্সে মিষ্টাৰ অলিম্পিয়াত নিজকে উপস্থাপন কৰাৰ উদ্দ্যেশে পৰিকল্পনা যুগুত কৰিছে (Press conference of Assam Physic Alliance)। শৰীৰ চৰ্চা আৰু অন্যান্য খেলৰ যোগেদি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত খেলসমূহত অংশ গ্ৰহণ কৰি নিজ নিজ ঠাইৰ যাতে সুনাম অৰ্জন কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বৰপেটাত জিলা কমিটীখন গঠন কৰা হয় (bodybuilding association in Barpeta)৷ এই লৈ আয়োজিত এক সংবাদমেলত অংশগ্ৰহণ কৰি শৰীৰ চৰ্চাবিদ গোলাপ ৰাভাই কয় যে, বৰপেটাত ভাল খেলুৱৈ আৰু শৰীৰ চৰ্চাৰ খেলুৱৈ আছে (Bodybuilder Golap Rabha) ৷ পৰ্যাপ্ত সুবিধা নোপোৱাৰ বাবে বহু খেলুৱৈ বঞ্চিত হৈ আহিছে যদিওঁ জিলা কমিটী গঠন হোৱাৰ পিছত এইখিনি অভাৱ পূৰণ হ'ব বুলি তেওঁ কয় ৷ উক্ত সংবাদমেলত সভাপতি শেখৰ জ্যোতি মহন্ত, খঞ্জন প্ৰতীম তালুকদাৰ আৰু জয়ন্ত কুমাৰ দাস উপস্থিত থাকে ৷
Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.