ছবিগৃহত সগৌৰৱে চলিছে নতুন অসমীয়া ছবি ৰঙাটাপু ১৯৮২

By ETV Bharat Assamese Team

Published : Nov 27, 2023, 10:04 AM IST

thumbnail

গুৱাহাটী, ২৭ নৱেম্বৰ: বৰ্তমান ৰাজ্যৰ প্ৰায়সমূহ ছবিগৃহতে সগৌৰৱে চলি আছে নতুন অসমীয়া ছবি ‘ৰঙাটাপু ১৯৮২’ । ছবিখনৰ প্ৰতিটো দৰ্শনীত হৈছে হাউচফুল । মুক্তি লাভৰ তৃতীয় দিনাও দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিছে ছবিখনে । দেওবাৰে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মহানগৰীৰ বেলতলাস্থিত মেট্ৰিক্স চিনেমাহলত ‘ৰঙাটাপু ১৯৮২’ ৰ দৰ্শনীত দেখিবলৈ পোৱা গ’ল যথেষ্ট সংখ্যক দৰ্শকৰ ভিৰ । ২৪ নৱেম্বৰত ৰাজ্যৰ প্ৰতিটো ছবিগৃহত মুক্তি লাভ কৰা ছবিখনে ব্যৱসায়িক দিশৰ পৰাও যথেষ্ট ভাল ফল দেখুৱাইছে । যোৱা ২৪ ঘণ্টাত BookMyShow ৰ জৰিয়তে এহেজাৰতকৈ অধিক টিকট বিক্ৰী হৈছে বুলি উল্লেখ কৰিছে ছবিখনৰ পৰিচালক আদিত্যম শইকীয়াই ।

উল্লেখ্য যে, ৮০ ৰ দশকত ব্ৰহ্মপুত্ৰৰ এটা সৰু চাপৰিৰ কাষৰীয়া অঞ্চলত বহিৰাগত লোকসকলৰ সৈতে হোৱা থলুৱা খিলঞ্জীয়াৰ সংগ্ৰামক সামৰি এটা সঁচা কাহিনীক পটভূমি হিচাপে লৈ নিৰ্মাণ কৰা হৈছে এই ছবিখন । বিআৰচি চিনে প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা "ৰঙাটাপু ১৯৮২" ছবিখন পৰিচালনা কৰিছে পৰিচালক আদিত্যম শইকীয়াই ।

আনহাতে ছবিখন প্ৰযোজনা কৰিছে অৰুণ কুমাৰ ৰয় আৰু অজয় কুমাৰ ৰয়ে । ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱা, ৰিম্পী দাস আৰু অভিনেতা গুঞ্জন ভৰদ্বাজে । আনহাতে আন গুৰুত্বপূৰ্ণ চৰিত্ৰসমূহত অভিনয় কৰিছে ক্ৰমে বিবেক বৰা, কল্পনা কলিতা, ভাগীৰথী, অলিষ্মিতাকে আদি কৰি বহুতো ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে ।

লগতে পঢ়ক: কাইলৈ মুক্তি পাব নতুন অসমীয়া ছবি ৰঙাটাপু-১৯৮২

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.