Manikpur Anchalik College Foundation Day:মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পালন - Manikpur Anchalik college observed Foundation Day
🎬 Watch Now: Feature Video

বঙাইগাঁও জিলাৰ মাণিকপুৰ মহকুমাৰ অন্তৰ্গত মানিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ ৩০ সংখ্যক প্ৰতিষ্ঠা দিৱস মঙলবাৰে পালন কৰা হয়(Manikpur Anchalik college observed Foundation Day)। নামনি অসমৰ এখন উল্লেখযোগ্য শিক্ষা প্ৰতিষ্ঠান মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয় ১৯৯৩ চনৰ ২ আগষ্টত প্ৰতিষ্ঠা কৰা হৈছিল । প্ৰতিষ্ঠা দিৱস উপলক্ষে পতাকা উত্তোলন কৰে মহা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিগৰাকীয়ে । আনহাতে, ছহিদ বেদীত মাল্যাৰ্পণ কৰে সমাজকৰ্মী শৈলৈন ৰায়ে । গছপুলি ৰোপন কাৰ্যসূচীৰ অন্তত দিনৰ ১বজাত মুকলি সভা অনুষ্ঠিত হয় । উক্ত সভাত সভাপতিত্ব কৰে মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি কৰুণাকান্ত ৰায়ে । এই সভাখনতে বছৰেকীয়া প্ৰতিবেদন পাঠ কৰে অধ্যক্ষ মৰ্তুজ আলী আহমেদে । এই অনুষ্ঠানটোত স্থানীয় ৰাইজৰ লগতে মহাবিদ্যালয়ৰ সমূহ কৰ্মচাৰী উপস্থিত থাকে ।
Last Updated : Feb 3, 2023, 8:25 PM IST