IFFI in Goa : গোৱাত অনুষ্ঠিত হৈছে ভাৰতৰ 53 সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ - 53 সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ
🎬 Watch Now: Feature Video
বিগত 20 নৱেম্বৰত গোৱাৰ পানাজীত ভাৰতৰ 53 সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ মুকলি সভাত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰৰ লগতে বলীউডৰ বহু চেলেব্ৰিটীয়ে ৰেড কাৰ্পেটত খোজ দিয়ে । 1952 চনত প্ৰতিষ্ঠা হোৱা আই এফ এফ আইৰ চলিত বৰ্ষত গোৱাত 53 সংখ্যক সংস্কৰণ অনুষ্ঠিত হৈছে ৷ ছবি, তেওঁলোকে কোৱা কাহিনী, আৰু ইয়াৰ আঁৰৰত থকা মানুহ সকলক উদযাপন কৰাৰ উদ্দেশ্যে এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰা হৈছিল । আই এফ এফ আইৰ ফ্লেগশ্বিপ কম্পোনেণ্ট ইণ্ডিয়ান পেনোৰামাই ইয়াৰ পূৰ্বে 25 খন আৰু 20 খন নন-ফিচাৰ ছবিৰ নিৰ্বাচনৰ কথা ঘোষণা কৰিছিল । নিৰ্বাচিত ছবিসমূহ 20 নৱেম্বৰৰ পৰা 28 নৱেম্বৰলৈ গোৱাত অনুষ্ঠিত হ’বলগীয়া 53 সংখ্যক আই এফ এফ আইত প্ৰদৰ্শন কৰা হৈছে ।
Last Updated : Feb 3, 2023, 8:33 PM IST