কমলপুৰত কেন্দ্ৰীয়ভাৱে পালন 76 সংখ্যক স্বাধীনতা দিৱস

By

Published : Aug 15, 2022, 11:10 AM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail
ভাৰতৰ অন্য় প্ৰান্তৰ লগতে অসমতো ৭৬ সংখ্যক স্বাধীনতা দিৱস(76th Years of Independence)সোমবাৰে পালন কৰা হয় । দেশেবাসীয়ে স্বাধীনতাৰ অমৃত মহোৎসৱৰ (Azadi ka Amrit Mahotsav) সৈতে সংগতি ৰাখি ৰূপায়ণ কৰা বিভিন্ন কাৰ্যসূচীৰ পিছত সোমবাৰে উত্তোলন কৰিলে জাতীয় পতাকা । ঘৰে ঘৰে ত্ৰিৰংগ পতাকা কাৰ্যসূচীৰে সকলোৰে ঘৰত উৰিল ত্ৰিৰংগ পতাকা(Har Ghar Triranga Mission)। দেশৰ অন্য প্ৰান্তৰ লগতে বাইহাটা চাৰিআলিৰ কমলপুৰতো কেন্দ্ৰীয়ভাবে পালন কৰা হয় স্বাধীনতা দিৱস (Independence Day celebrated in Kamalpur)। কমলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কেন্দ্ৰীয়ভাৱে পালন কৰা স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে চক্ৰ বিষয়া পৰিক্ষীত ফুকনে । এই দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। তদুপৰি ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰি বঁটা প্ৰদান কৰে উদ্য়োগতা সকলে । স্বাধীনতা দিৱসৰ আন কাৰ্যসূচীৰ লগতে কৃতী ছাত্ৰ-ছাত্ৰী, আদৰ্শ খেতিয়ক, সংবাদ কৰ্মী আদিকো সম্বৰ্ধনাও জ্ঞাপন কৰে প্ৰশাসনে ।
Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.