Distribution of National flag, ডিব্ৰুগড়ত আৰক্ষীয়ে বিনামূলীয়াকৈ বিতৰণ কৰিলে জাতীয় পতাকা

By

Published : Aug 12, 2022, 10:55 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

thumbnail

সমাগত দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস (75th Years of Independence) । সমগ্ৰ দেশে ‘স্বাধীনতাৰ অমৃত মহোৎসৱ’ৰ (Azadi ka Amrit Mahotsav) লগত সংগতি ৰাখি পালন কৰি আহিছে ‘ঘৰে ঘৰে ত্ৰিৰংগ পতাকা’ (Har Ghar Tiranga) কাৰ্যসূচী । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো নাগৰিকক দেশৰ অখণ্ডতা, ৰাষ্ট্ৰ প্ৰেম, ৰাষ্ট্ৰীয় একতাৰ ভাৱনাক জাগ্ৰত কৰিবলৈ এই আহ্বান জনাইছে । এই আহ্বানক সাফল্যমণ্ডিত কৰিবলৈ শুকুৰবাৰে বৰবৰুৱা আৰক্ষী থানাৰ উদ্যোগত আৰু লেপেটকটা আঞ্চলিক ক্ৰীড়া সন্থাৰ সহযোগত বৰবৰুৱা অঞ্চলৰ প্ৰায় ১৫খন বিদ্যালয়ৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীসকলৰ মাজত পতাকা বিতৰণ কৰা হয় (Distribution of National flag to students) । এই অনুষ্ঠানত ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক, বৰবৰুৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া, বৰবৰুৱা কাৰিকৰী মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে বহু বিষয়ববীয়া উপস্থিত থাকে ।

Last Updated : Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.