Audio song Malaya released: উদীয়মান শিল্পী অনিমেষ শইকীয়াৰ "মলয়া" মুকলি - audio song Malaya released
🎬 Watch Now: Feature Video
কলিয়াবৰৰ ভঁড়ালী গাঁৱৰ উদীয়মান গায়ক অনিমেষ শইকীয়াৰ মলয়া শীৰ্ষক শ্ৰব্য গীতটি শুকুৰবাৰে মুকলি কৰা হয়(Animesh Saikia's audio song Malaiya released) ৷ কলিয়াবৰৰ ইতিহাস প্ৰসিদ্ধ ভঁড়ালী নামঘৰৰ সভাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শ্ৰব্য গীতটি মুকলি কৰে তেজপুৰৰ বিশিষ্ট শিল্পী ৰূপম কুমাৰ দাসে ।
অনিমেষৰ পিতৃ অচ্যুত শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত উন্মোচক ৰূপম কুমাৰ দাসে শিল্পীগৰাকীৰ নতুন গীতটি আদৰি ল'বলৈ শ্ৰোতা ৰাইজক আহ্বান জনায় । অনিমেষে প্ৰথমবাৰৰ বাবে এই গীতটোত কণ্ঠদান কৰিছে(Audio song Malaiya released) ৷ নীলপৱন বৰাৰ কথাৰে অনিমেষ শইকীয়াই কণ্ঠ নিগৰোৱা গীতটিৰ সংগীত ব্যৱস্থাপনাও অনিমেষৰে ।
গীতটিত বাঁহী আৰু গীটাৰ সংগত কৰিছে ক্ৰমে ভাৰ্গৱজ্যোতি শইকীয়া আৰু ৰৌদ্ৰোজ্জ্বল কাশ্যপে । গীতটিৰ ব্যৱস্থাপনা অচ্যুত শইকীয়াৰ । দ্বাদশ শ্ৰেণীত অধ্যয়নৰত অনিমেষ শইকীয়াই শ্ৰোতা ৰাইজে গীতটি আদৰি লৈ গঠনমূলক সমালোচনাৰে উপকৃত কৰিলে ভৱিষ্যৎ দিনত আগবাঢ়ি যোৱাত সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰে ।