Fake disability certificate : ডাঃ কৌস্তভ চহৰীয়াৰ চহী জাল কৰি হানিফুদ্দিনে উলিয়ালে বিকলাংগৰ ভুৱা প্ৰমাণপত্ৰ - ডাঃ কৌষ্ঠভ চহৰীয়াৰ চহী জাল

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 4, 2023, 10:23 PM IST

দৰং, 4 এপ্ৰিল : বিতৰ্কই লগ এৰা নাই দৰঙৰ স্বাস্থ্য বিভাগক । এইবাৰ দৰঙৰ স্বাস্থ্য বিভাগৰ নামত ভুৱা প্ৰমাণপত্ৰ দিয়াৰ অভিযোগ । বিকলাংগৰ প্ৰমাণপত্ৰ ভুৱা বুলি প্ৰমাণ কৰিলে খোদ জিলা স্বাস্থ্য বিভাগে । ডাঃ কৌস্তভ চহৰীয়াৰ চহী জাল কৰি এজন লোকে উলিয়াইছিল এখন বিকলাংগৰ প্ৰমাণ পত্ৰ (Youth forged a doctors signature) ।

এই প্ৰমাণ পত্ৰৰ যোগেৰেৰে টেটৰ মাষ্টাৰ হ’ব বিচাৰিছিল হানিফুদ্দিন আহমেদ নামৰ দলগাঁও গদায়ঝাৰৰ এজন যুৱকে । কিন্তু বিধিৰ বিপাক । টেট মাষ্টাৰ হোৱাৰ আগতে জিলা পৰ্যায়ৰ ডাক্তৰৰ এখন সমিতিয়ে বিকলাংগৰ প্ৰমাণপত্ৰ পৰীক্ষা কৰে । এই পৰীক্ষাৰ সময়তে ধৰা পৰে হানিফুদ্দিনৰ প্ৰমাণপত্ৰ ভুৱা বুলি ।

কোনো ধৰণৰ বিকলাংগতা নোহোৱালৈ 50% বিকলাংগৰ প্ৰমাণপত্ৰ লাভ কৰিছে অভিযুক্ত হানিফুদ্দিন আহমেদে ৷ ডাঃ কৌস্তভ চহৰীয়াই জনোৱা মতে, প্ৰমাণপত্ৰত থকা চহী তেওঁৰ নহয় । অন্যহাতে, অভিযুক্ত হানিফুদ্দিনে স্বীকাৰ কৰে যে আব্দুল মালেক আৰু আব্দুল ৰহম নামৰ দুজন লোকে 23 হাজাৰ টকাৰ বিনিময়ত এই প্ৰমাণপত্ৰ উলিয়াই দিয়ে । জিলা স্বাস্থ্য বিভাগে ইতিমধ্যে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

লগতে এই সন্দৰ্ভত আৰক্ষী থানাত এটি গোচৰ ৰুজু কৰা হ’ব বুলিও প্ৰকাশ কৰে দৰঙৰ যুটীয়া সাস্থ্য সঞ্চালক আৰু ডাঃ কৌস্তভ চহৰীয়াই । এতিয়া প্ৰশ্ন হয়, দৰং তথা অসমত এনে কিমান ভুৱা বিকলাংগৰ প্ৰমাণপত্ৰ লৈ ফুৰা লোক আছে তাৰ হিচাব ওলাব নে ? এই ক্ষেত্ৰত তদন্তৰ প্ৰয়োজন আহি পৰিছে ।

লগতে পঢ়ক : Mangaldoi unknown disease news: অচিন ৰোগত আক্ৰান্ত হৈছে মঙলদৈৰ আলাগঝাৰী গাঁৱৰ শিশুসকল

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.